
newsnextone.com | খেৰণিঃ হোমৰ জুইক সাক্ষী কৰি লখিমি কৰি লৈ অনা পত্নীয়ে যেতিয়া পৰকীয়া প্ৰেমৰ মোহ মায়াত মাতৃয়ে ‘দেৱতা’ মানিবলৈ শিকাই দিয়া স্বামীক হত্যা কৰে, তেতিয়াই হয়তো বিশ্বাসৰ চৰম অৱমাননা হয়৷ অৰ্ধাংগিনী অভিহিত পত্নীয়ে স্বামীক দেৱতা জ্ঞান কৰা উচিত বুলিও এক প্ৰথা আছিল৷ থিক তেনেদৰে স্বামীয়েও পত্নীক সন্মান আৰু মৰ্যাদা প্ৰদান কৰিলে সংসাৰ সুখৰ হয় বুলি কোৱা হৈছিল৷
কিন্তু বৰ্তমান সময়ত যেন সকলো ওলেটা হৈ পৰিছে৷ স্বামীক হত্যা কৰি পত্নীয়ে পৰকীয়া প্ৰেমক উচ্চ কৰা, বা স্বামীয়ে পত্নীক হত্যাৰ পথৰ পৰা আতৰ কৰি আন কোনো নাৰীক আকোৱালি লোৱা দৃশ্য সততে দেখিবলৈ পোৱা যায়৷ যিয়ে বিশ্বাসৰ এনাজৰীডাল চিঙি পেলায়৷
এগৰাকী নৰীয়াত পৰি থকা ব্যক্তিক পত্নীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰৈৰ এটি ঘৰৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰে এজন ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ৷ ইয়াৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বলোৰাম বসুমতাৰী নামৰ লোকজন কেইবাদিনো ধৰি অসুখত ভূগি আছিল৷ কিন্তু তেওঁৰ দ্বিতীয়া পত্নী মধু শৰ্মাই তেওঁক চিকিৎসালয়লৈ লৈ যোৱাটো দূৰৰ কথা ঘৰত ভাত-পানী খিনিও যোগান ধৰা নাছিল৷ পত্নীৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডত অতিষ্ট হৈ স্থানীয় ৰাইজে একলগ হৈ ধন সংগ্ৰহ কৰি নৰীয়াত পৰি থকা লোকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও পত্নী মধু শৰ্মাই স্থানীয় লোকৰ শলাগ লোৱাৰ পৰিৱৰ্তে কেইবাজনো ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে ওলোটাই আৰক্ষী থানাত মিছা অভিযোগ হে দাখিল কৰে৷
যাৰ বাবে দীৰ্ঘ সময় ধৰি নৰীয়া পাটিত পৰি থকা ৫৮ বছৰীয়া বলোৰামক উচিত চিকিৎসা প্ৰদান নকৰি পত্নী মধু শৰ্মাই পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ স্থানীয় ৰাইজে মত প্ৰকাশ অনুসৰি, বলোৰাম বসুমতাৰীয়ে তেওঁৰ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত মধু শৰ্মাক বিয়া কৰাইছিল যদিও মধু শৰ্মাই আন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি চলাত দুয়োৰে মাজত প্ৰায়ে মত-বিবাদ চলে৷ বলোৰাম বসুমতাৰী অসুখত আক্ৰান্ত হোৱাৰ সুযোগ লৈয়ে পত্নীয়ে হত্যা কৰি প্ৰেমিকৰ সৈতে পলায়ন কৰে৷
ইফালে, মঙলবাৰে তলাবন্ধ অৱস্থাত থকা ঘৰটোৰ পৰা উৎকোট দুৰ্গোন্ধ বাহিৰ হোৱাত স্থানীয় ৰাইজ অসুবিধাত পৰে৷ ঘৰটোৰ নাতিদূৰত থকা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীও দুৰ্গোন্ধত অতিষ্ট হোৱাত স্থানীয় ৰাইজে ঘৰটোৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰাত অৰ্ধগলিত অৱস্থাত বলোৰামৰ মৃতদেহটো প্ৰত্যক্ষ কৰে৷
স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত ২০০ মিটাৰ নিলগত অৱস্থিত খেৰণি আৰক্ষী থানাত খবৰ দিয়ে যদিও আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ যাৰ ফলত আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় বাসিন্দা৷ ঘটনাৰ বিষয়ে সবিশেষ জানিও আৰক্ষীয়ে কিয় ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ নকৰিলে, তাক লৈ বিভিন্নজনে প্ৰশ্নৰ অৱতাৰণা কৰিছে৷