ৰামদেৱে যোগ চৰ্চা কৰা অসমৰ গাঁওখন, বিশ্ব যোগ দিৱস পালনৰ বাবে সাজু

newsnextone.com | ওদালগুৰিঃ ২১ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়৷ এই দিনটোক সমগ্ৰ বিশ্বই যোগ দিৱস হিচাপে উদযাপন কৰিব। বিশ্বৰ বিভিন্ন প্ৰান্ত আৰু সমগ্ৰ ভাৰতবৰ্ষত যোগ দিৱস পালনৰ ব্যপক প্ৰস্তুতি চলাৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে ২১ জুনত বিশ্ব যোগ দিৱস পালনৰ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ সহযোগিতাত যোগ দিৱস পালনৰ ব্যপক প্ৰস্তুতি চলি থকাৰ মাজতে ওদালগুৰি জিলাৰ বিভিন্ন এলেকাতো স্থানীয় ৰাইজৰ সহযোগত যোগ দিৱস পালন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ ওদালগুৰি জিলাৰ বান্দৰগুৰি গাঁৱত যোগ দিৱস পালনক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হোৱা পৰিলক্ষিত হৈছে৷ 

ভাৰতবৰ্ষত যোগাসন বুলিলে ঘপহকৈ মনলৈ অহা নামটোৱেই হৈছে যোগগুৰু বাবা ৰামদেৱৰ৷ যোগ সাধনৰ উপকাৰিতাৰ সম্পৰ্কে দেশবাসীক অৱগত কৰি ৰামদেৱে এখন সুস্থ সবল ভাৰত গঢ়াত পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে৷ আনকি ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও যোগৰ মহত্ব অনুধাৱন কৰি দেশবাসীক এই বিষয়ে সজাগ কৰি তুলিবলৈ যত্ন কৰিছে৷

যোগেৰে সুস্থ শৰীল সবল মন গঢ়াত বিশ্বাসী ৰামদেৱৰ কিন্তু এই অসমৰ মাটিতে প্ৰথম যোগচৰ্চাৰ প্ৰচাৰ আৰম্ভ কৰিছিল৷ এই সন্দৰ্ভত বহু লোকেই জ্ঞাত নহয় যদিও ৰামদেৱে বিভিন্ন সভাই-সমিতিয়ে প্ৰদান কৰা বক্তৃতাত অসমৰ এখন গাঁৱৰ নাম উল্লেখ কৰি আহিছে৷

যোগগুৰু বাবা ৰামদেৱে প্ৰথমে যোগচৰ্চা আৰম্ভ কৰিছিল ওদালগুৰি সদৰৰ পৰা ১৩ কিলোমিটাৰ উত্তৰ-পূৱ দিশত অৱস্থিত বান্দৰগুৰি গাঁৱত। ঊনৈশ শতিকাৰ নব্বৈ দশকৰ আৰম্ভণিতে গাওঁখনলৈ আহিছিল এটা অচিনাকী সন্যাসী দল। তেওঁলোকে গাঁওখনত প্ৰৱেশ কৰি গাঁৱৰ কেইগৰাকীমান জ্যেষ্ঠ লোকৰ সৈতে কথা পাতি তাত এখন অস্থায়ী আশ্ৰম সাজি যোগ চৰ্চা প্ৰচাৰৰ বাবে চেষ্টা চলাইছিল। 

সন্যাসী কেইজনে স্কুলীয়া শিক্ষাৰ্থীৰ লগতে গাঁৱৰ অন্যান্য লোকসকলক শৰীৰচৰ্চাৰ শিক্ষা প্ৰদান কৰিছিল। তদুপৰি, দলটোৱে সমীপৰে ভূটান তথা ভৈৰৱকুণ্ড পাহাৰলৈ গৈ বিভিন্ন বনৌষধি, গছ-পাতৰ সন্ধানো চলাইছিল। 

যোগ শিক্ষাৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে দলটোৱে ওদালগুৰিৰ ভৈৰৱকুণ্ডত যোগ আশ্ৰম খোলাৰ পৰিকল্পনা কৰি সেইসময়ত ভৈৰৱকুণ্ডত স্থানীয় ৰাইজৰ সহযোগত সাতদিনীয়া যোগমেলা অনুষ্ঠিত কৰিছিল। কিন্তু ইয়াৰ পাছত উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দলটোৱে অসম এৰি অন্য স্থানলৈ প্ৰস্থান কৰে। 

এদিন টেলিভিশ্বনত সম্প্ৰচাৰ হোৱা শৰীৰচৰ্চাৰ অনুষ্ঠানত সেই সন্যাসী কেইগৰাকীৰ এজনক দেখি বান্দৰগুৰি গাঁওৰ ৰাইজ আচৰিত হৈ পৰে। তেওঁলোকে নিশ্চিত হয় যে তেওঁলোকৰ গাঁওলৈ তাহানিতে অহা লোককেইজৰ ভিতৰত এগৰকী আছিল বৰ্তমানৰ যোগগুৰু ৰামদেৱ।

বান্দৰগুৰি গাঁওৰ জ্যেষ্ঠ লোকসকলে মত প্ৰকাশ কৰি কয় যে যোগী বীৰনাথ প্ৰথমে উক্ত অঞ্চললৈ আহিছিল। ইয়াৰ পৰৱৰ্তী সময়ত স্বামী ৰামদেৱৰ লগতে আচাৰ্য্য বালকৃষ্ণও গাঁওলৈ আহে। গাঁৱৰ কিছুসংখ্যক লোকৰ আজিও ৰামদেৱৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি বান্দৰগুৰিৰ জ্যেষ্ঠ লোকসকলে জানিবলৈ দিয়ে।