৭১ শতাংশ নম্বৰ লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা মণিৰুলে কন্দুৱাই থৈ গল...

newsnextone.com | গৰৈমাৰিঃ মৃত্যু আহে সংগোপনে৷ কোনে জানে কাৰ মৃত্যু কেতিয়া ক’ত কেনেকৈ হয়৷ প্ৰতিদিনে মৃত্যুৰ দিশে মানুহ হেনো আগুৱাই গৈ থাকে৷ কিন্তু তাৰ মাজতো কোনোবাটো মৃত্যুৰ খবৰ সহজে ভাৱে ল’ব নোৱাৰি৷ কেতিয়াবা কোনোবা এটা অঞ্চলৰ লোকে কোনো এজন লোকৰ মৃত্যুক সবজে লব নোৱাৰে মানুহে৷ 

কোনো বেমাৰ-আজাৰ নোহোৱাকৈ হঠাৎ কোনোবা এজন লোকৰ মৃত্যু হ'লে পৰিয়াল, ওচৰ-চুবুৰীয়া তথা একো একোটা অঞ্চল শোক সাগৰত ডুব যায়৷ কামৰূপ জিলাৰ গৰৈমাৰীৰ টুক্ৰাপাৰা মনিৰুল হক নামৰ মেধাবী ছাত্ৰ জনৰ মৃত্যুকো সহজভাৱে ল'ব পৰা নাই ৰাইজে৷

গৰৈমাৰীৰ টুক্ৰাপাৰাৰ আব্দুল ৰহমানৰ পুত্ৰ মণিৰুলে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল৷ ছাত্ৰজনৰ মৃত্যুক ৰাইজে সহজে লব পৰা নাই৷ এটি প্ৰতিভা হেৰাই যোৱা বুলি কয় ৰাইজে৷ মুঠতে মণিৰুলে কন্দুৱাই থৈ গল অজস্ৰজনক৷

স্থানীয় আইডিয়েল একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহি সুখ্যাতিৰে উত্তীৰ্ণ হৈ মণিৰুলে ৭১ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ কিন্তু নিষ্ঠুৰ নিয়তিৰ বাবে প্ৰতিভাৱান ছাত্ৰজন মৃত্যুৰ শীতল কোলাত শুই পৰে৷

মঙলবাৰে নিশা নিজ ঘৰতে হঠাৎ মৃত্যু আকোৱালি লোৱা মণিৰুল হকৰ মৃত্যুৰ খবৰ বিয়পি পৰাত লোকে লোকাৰণ্য হৈ পৰে ঘৰ খন৷ আইডিয়েল একাডেমিৰ ছাত্ৰ মণিৰুলৰ মৃতদেহ বিদ্যালয়লৈ আনি শিক্ষক-ছাত্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বুধবাৰে দিনৰ ১০ বজাত গৰৈমাৰী আঞ্চলিক কৱৰস্থানত জানাজা সম্পন্ন কৰে৷