বোকাজানত নৈৰ পাৰত গৰুৰ জাকৰ মৃত্যু

newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰৰ লাংটুক টেৰণ গাঁৱত কেইবাটাও পশুধনৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ একেটা স্থানতে ১৭টা পশুধনৰ মৃত্যু হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ 

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়াৰ সময়ত এটি গৰুৰ জাক লাংটুক টেৰণ গাঁৱৰ জংঘলত এজোপা গছৰ তলত থিতাপি লৈ থকা প্ৰত্যক্ষ কৰিছল৷ পশুধনৰ জাকটোৱে জিৰণি লৈছিল বুলি স্থানীয় লোকে সন্দেহ কৰে৷ পুৱাই গৰু সমূহ নিধন হোৱা অৱস্থাত পৰি থকা পৰিলক্ষিত হয়৷

নিশা হোৱা ধাৰাষাৰ বৰষুণৰ লগতে ব্ৰজ্ৰপাত পৰাৰ ফলতে পশুধনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে ৰাইজে৷ উল্লেখ্য যে, বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজান, শান্তিপুৰ, জপৰাজান, বালিপথাৰ, সৰিয়হজান, বোকাজান নগৰ, খটখটি আদি ঠাইৰ পশুধনৰ গৰাকীয়ে নিশা পোহনীয়া গৰুসমূহ ঘৰলৈ নি বান্ধি নোথোৱাৰ ফলত পশুধন সমূহে পথৰ ওপৰতেই নিশা জিৰণি লোৱাৰ ফলত বহুবাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে৷

নিশা পশুধন কেইটাৰগৰাকীয়ে নিজ নিজ পশুধন ঘৰলৈ নি বান্ধি থোৱা হ'লে এই দুৰ্ঘটনা সংঘটিত নহ'ল হেতেন বুলি কয় ৰাইজে৷ এক কথাত কবলৈ গৰাকীৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবেই পশুধনৰ জাকৰ মৃত্যু হয়৷