নগাঁৱৰ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ অহা নাই কাৰ্বি ভূমিৰ ছাত্ৰ-ছাত্ৰী, আসন সংৰক্ষণ

newsnextone.com | নগাঁওঃ কাৰ্বি আংলং জিলাৰ ডকমকাৰ পানজুৰি কছাৰী গাঁৱত সংঘটিত হোৱা লোমহৰ্ষক কাণ্ডৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে৷ ডকমকা কাণ্ডই প্ৰায় এপষেকত ভৰি দিলে যদিও ইয়াৰ ফলত সৃষ্টি হোৱা ভয় আৰু শংকাৰ চাপ অদ্যপি বিয়পি আছে কাৰ্বি ভূমিত বাস কৰা সৰ্বসাধাৰণৰ মাজত৷

যাৰ ফলত নগাঁও জিলাত থকা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহলৈ আগৰ বছৰবোৰৰ তুলনা কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ আগমন এইবাৰ যথেষ্ট হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে৷ কিন্তু পূৰ্বৰ বছৰবোৰত চুবুৰীয়া জিলা হিচাপে কাৰ্বি আংলং জিলাৰ বহুসংখ্যক শিক্ষাৰ্থীয়ে এই সময়ছোৱাত উচ্চ শিক্ষাৰ বাবে জিলাখনৰ উচ্চ শিক্ষানুষ্ঠানসমূহত যথেষ্ট ভিৰ কৰে৷

জানিব পৰা মতে, নগাঁও চহৰৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান নগাঁও কলেজ আৰু এ ডি পি কলেজত এইবাৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা একেবাৰে তাকৰ৷ এনে ঘটনাই জিলাখনৰ বৌদ্ধিক মহলক চিন্তিত কৰি তুলিছে৷ ইফালে, এ ডি পি কলেজত এইবাৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়াত মাত্ৰ চৈধ্যগৰাকী শিক্ষাৰ্থীয়েহে অংশ লোৱা বুলি জানিব পৰা গৈছে৷ 

আন বৰ্ষবোৰত কিন্তু এই কলেজত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল৷ সেয়ে এনে ঘটনাত স্তম্ভিত হৈ পৰা কলেজ কৰ্তৃপক্ষই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ কলেজ কৰ্তৃপক্ষই এই বৰ্ষত স্নাতক বিজ্ঞান শাখাৰ ৫০ খন আসন পাৰ্বত্য জনজাতি শিক্ষাৰ্থীৰ কাৰণে সংৰক্ষিত কৰা বুলি জানিব পৰা গৈছে৷ এই আসনত পুনৰ কাৰ্বি ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰিব৷ অকল বিজ্ঞান শাখাতে নহয় কলা আৰু বাণিজ্য শাখাটো নামভৰ্তি কৰিব কৰিবলৈ আগ্ৰহী ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান শাখাৰ দৰেই অনুৰূপ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে এ ডি পি কলেজ কৰ্তৃপক্ষই৷