ডিফুত আন্তৰ্জাতিক যোগ দিৱস পালন

newsnextone.com | ডিফুঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ২১ জুন তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয়৷ এটি সুস্থ আৰু সবল শৰীৰ আৰু মনৰ অধিকাৰী হ’বলৈ যোগ সাধনা নিতান্তই প্ৰয়োজনীয়৷ এই কথা উপলব্ধি কৰিয়েই সমগ্ৰ বিশ্বত যাতে সুস্থ আৰু সবল মন, শৰীৰ বৃদ্ধি পায় তাৰ বাবেই প্ৰতিবছৰৰ ২১ জুন তাৰিখত বিশ্ব যোগ দিৱস উদযাপন কৰা হয়৷

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো চতুৰ্থ বাৰ্ষিক যোগ দিৱস পালন কৰা হয়৷ পুৱা ডিফুৰ জয়চিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলা প্ৰশাসন আৰু জিলা স্বাস্থ সংস্থা, এনএইছএমৰ যৌথ উদ্যোগত উদযাপিত হোৱা যোগ দিৱসটিৰ শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বয়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ 

উদ্ধোধনী ভাষণত মুখ্য অতিথি তুলিৰাম ৰংহাঙে কয় যে, যোগাভ্যাস মানুহৰ জীৱনৰ শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক বিকাশ কৰাত সহায়ক হয়৷ আনহাতে, এই আন্তৰ্জাতিক যোগ কাৰ্যসূচীত অসম ৰাইফলচ, চিআৰপিএফ, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজে স্বতঃস্ফুৰ্তভাবে অংশগ্ৰহণ কৰি আন্তৰ্জাতিক যোগ দিৱসটিক সফল কৰি তোলে৷ 

কাৰ্যসূচীত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু তেওঁৰ সহ ধৰ্মিনী কাছে টেৰণপী, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহী, প্ৰধান সচিব মহানন্দ হাজৰিকা, জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, কাৰ্বি আংলং জিলাৰ জইণ্ট ডাইৰেক্টৰ এণ্ড হেলথ্ চাৰ্ভিছৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপী, কেইবাগৰাকী ইএম এমএচি আৰু গণ্য মান্য ব্যক্তি৷ যোগ দিৱসৰ কাৰ্যসূচীটো পৰিচালনা কৰে আৰ্ট অফ লিভিঙৰ দক্ষ যোগ সদস্য বিষ্ণু প্ৰকাশে৷  
             
ইফালে ভাৰতীয় জনতা পাৰ্টীৰ পূৱ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ডিফু ক্লাৱতো পালন কৰা হয় ৪ৰ্থ আন্তৰ্জাতিক যোগ দিৱস৷ পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি তথা পৰিষদৰ ইএম ৰতন টেৰণে উদ্ধোধন কৰা যোগ অনুষ্ঠানত ইএম জগত চিং ইংতি, পৱিত্ৰ ৰংপি, জিলা বিজেপি বিষয়ববীয়া, বিভিন্ন মৰ্চাৰ সভাপতি,  সম্পাদক আৰু সদস্য সকলে অংশ গ্ৰহণ কৰে বুলি বিজেপি আইটি বিভাগৰ আহ্বায়ক নীলমনি দেৱ আৰু জিলা বিজেপিৰ জৰ্ণেল এণ্ড পাব্লিকেছন বিভাগৰ আহ্বায়ক দিলীপ ফুকনে জানিবলৈ দিয়ে৷