নগাঁৱৰ কঠিয়াতলীত মৰেল পুলিচিং, আৰক্ষীয়ে আটক কৰিলে ৮ জনক

newsnextone.com | কামপুৰঃ দেওবাৰে নগাঁও জিলাৰ কঠিয়াতলীৰ জুমৰমুৰ গাঁৱত এহাল পুৰুষ-মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে ৮ জন স্থানীয় লোকক আটক কৰে৷ জানিব পৰা মতে, আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই লোক কেইজনক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে, ঘটনাৰ সৈতে জড়িত আন আন অপৰাধী সকলৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে৷

জানিব পৰা মতে, নগাঁও জিলাৰ কঠিয়াতলীৰ জুমৰমুৰ অঞ্চলৰ একাংশ লোকে শনিবাৰে ওৰে নিশা বান্ধি লৈ প্ৰহাৰ কৰে এহাল পুৰুষ-মহিলাক৷ দুয়োৰে মাজত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় একাংশ লোকে আব্বাল উদ্দিলা নামৰ পুৰুষজনৰ লগতে মহিলাগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলায়৷ 

হাতে ভৰি বান্ধি দুয়োকে ওৰে নিশা নিৰ্যাতন চলোৱাৰ পিছত দেওবাৰে পুৱা ৰাইজে পুৰুষ-মহিলাহালক মুমুৰ্ষ অৱস্থাত আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুৰুষ-মহিলাহালক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷

ৰাইজৰ অভিযোগ অনুসৰি, কঠিয়াতলী টুবুকিৰ আব্বাল উদ্দিলা নামৰ পুৰুষজনে ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীৰ লগত অনৈতিক কাৰ্যত লিপ্ত হৈছিল। ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পৰাত ৰাইজে আব্বালক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে যদিও ব্যক্তিজনে পলায়ন কৰে৷ 

পিছত স্থানীয় ৰাইজে কোনো মতে কৰায়ত্ব কৰি লোকজনক হাতে ভৰি বান্ধি প্ৰহাৰ কৰিবলৈ লয়৷ ইফালে, ঘৰতে লুকাই থকা মহিলাগৰাকীকো একাংশ পুৰুষ মহিলাই চুলিত ধৰি চোঁচৰাই আনি প্ৰচণ্ডভাৱে মাৰপিট কৰে৷ 

স্থানীয় লোকৰ প্ৰহাৰৰ পৰা নিষ্ঠাৰ পাবলৈ পুৰুষ-মহিলা হালে কাকূতি মিনতি কৰাৰ পিছতো দুয়োৰে প্ৰতি কাৰো দয়া নোপজিল৷ উত্তেজিত ৰাইজে মৰেল পুলিচিং দেখুৱাই ওৰে নিশা দুয়োৰে ওপৰত নিৰ্যাতন চলাই পুৱা মুমুৰ্ষ অৱস্থাত আৰক্ষীক গটাই দিয়ে৷ 

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰাৰ পিছতে সচেতন মহলে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ নিলোৎপল অভিজিতৰ হত্যাকাণ্ডৰ পৰা অসমীয়াই অমানুষিকতাৰ এটা শিক্ষা ল’ব লাগিছিল বুলিও মন্তব্য কৰি দোষীক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনায়৷

পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই ঘটনাৰ সৈতে জড়িত অতুল বৰুৱা, ভবেন দাস, যাদব বৰুৱা, কীৰ্তিনাথ হাজৰিকা, দীপ দাস, সুৰেন দাস, দেবেন চন্দ্ৰ দাস আৰু কৃষ্ণ মোহন নাথ নামৰ ৮ জন লোকক নগাঁওৰ কঠিয়াতলীৰ পৰা আটক কৰে৷