
newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ ডিকম অাৰক্ষী চকীৰ অন্তৰ্গত নাদুৱা অঞ্চলত নিচা জাতিয় দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিভিন্ন পক্ষই নৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ মদ, গাঞ্জা আৰু জুৱাৰ ব্যাপক প্ৰচলন হৈ থকাৰ অভিযোগ উত্থাপন কৰে৷
প্ৰশাসনৰ সন্মুখতে এনে কাৰ্য সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে এনে অনৈতিক কাৰ্য সমূহ ৰোধ কৰিবলৈ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে, নাদুৱা চাহ বাগিচা, হেজেল বেংক এলেকা, ডিকম অঞ্চল, অইল ইণ্ডিয়া লিমিটেডৰ অইল খাদৰ সমীপত মদ, গাঞ্জা আৰু জুৱাৰ দৰে অনৈতিক কাৰ্যৰ ব্যাপক প্ৰচলন চলি আহিছে৷ দুষ্ট চক্ৰই এনে ব্যৱসায় চলাই গৈছে৷
জানিব পৰা মতে, অবৈধ গাঞ্জাৰো সমানে ব্যৱসায় চলে৷ ডিকম অাৰক্ষীয়ে অবৈধ কাৰ্য সমূহ ৰোধ কৰাৰ বাবে চেষ্টা নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে এনে অবৈধ ব্যৱসায় সমূহ আৰক্ষীয়ে কিয় উৎসাৎ নকৰে তাক লৈ ডিকম অঞ্চলৰ সচেতন লোকে প্ৰশ্ন উত্থাপন কৰিছে৷
ৰাইজে সুন্দৰ সমাজ বিচাৰে অাৰু কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানক ভুল পথেৰে যোৱাটো নিবিচাৰে৷ সেয়েহে সচেতন লোকে অাৰক্ষী প্ৰশাসনৰ দায়িত্ব অাছে বুলি কয়৷ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবী জনাই ডিকম অাৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বসুমতাৰীক৷
আনহাতে, আৰক্ষীয়ে এনে কাৰ্য নিয়ন্ত্রণ কৰাত আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ডিকম অঞ্চলৰ সচেতন নাগৰিকে অবৈধ মদ, গাঞ্জা অাৰু জুৱাৰ আড্ডা বন্ধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায়৷