আন্দোলনে আনিলে মুখত হাঁহি, ১নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ক্ষতিগ্ৰস্তই পাব দুগুণ জিৰাট

newsnextone.com | বিহালীঃ অৱশেষত ন্যায় লাভ কৰাৰ দিশে বিশ্বনাথ জিলাৰ ১নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত লোকসকল৷ দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ ফলত বিশ্বনাথ জিলাৰ চাৰিশৰীয়া পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত লোকসকলে ন্যায় লাভ কৰিব বুলি খবৰ আহিছে৷ উত্তৰ অসমৰ আয়ুক্ত তথা চাৰিশৰীয়া পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ আৰু সম্পত্তিৰ ক্ষতিগ্ৰস্তৰ অভিযোগ নিষ্পত্তিকাৰী বিষয়াই ২৮ মে’ত চূড়ান্ত ৰায়দান কৰে৷ ৰায়দান কৰি ক্ষতিগ্ৰস্ত লোকসকলক ন্যায় লাভ কৰাৰ কথা অৱগত কৰে৷

উল্লেখ্য যে, শোণিতপুৰ জিলা প্ৰশাসনে পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উপয়ুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন হয়৷ জিৰাটৰ মূল্য নিৰ্ধাৰণ নকৰাকৈ বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পথ নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছিল৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ ভূমিৰ সামন্য মূল্য নিৰ্ধাৰণ কৰিছিল৷ প্ৰতিবিঘা মাটিত ৬০ হাজাৰ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰাত ক্ষতিগ্ৰস্ত লোকসকলে হাহাকাৰ কৰিব লগা হৈছিল৷ ৰাইজে উত্থাপন কৰা অভিযোগ নিষ্পত্তি নকৰাকৈয়ে পথৰ কাম আৰম্ভ কৰিছিল৷ ক্ষতিগ্ৰস্ত লোকসকলে প্ৰশাসনক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছিল যদিও অভিযোগ নিষ্পত্তি কৰিবলৈ অমান্তি হৈছিল৷ তেনে সময়তে ক্ষতিগ্ৰস্ত লোকসকলে সংগ্ৰামী নেতা বিবেক দাসৰ নেতৃত্বত ১নং ৰাষ্ট্ৰীয় ঘাইপথ ক্ষতিগ্ৰস্ত সুৰক্ষা ঐক্যমঞ্চ গঠন কৰে৷ 

মন্ত্রী ৰঞ্জিত দত্তৰ বাসগৃহ ঘেৰাও, পথ অৱৰোধ, মানৱ শৃংখল, জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰি আন্দোলন তীব্ৰতৰ কৰি তোলে৷ অৱশেষত শোণিতপুৰ জিলা উপায়ুক্তই আন্দোলনকাৰীৰ অভিযোগ শুনিবলৈ বাধ্য হয়৷ জিলা উপায়ুক্তৰ সৈতে বহুবাৰ আলোচনাৰ অন্তত অধিগ্ৰহণ কৰা ভূমিৰ মূল্য দুগুন বৃদ্ধি কৰাৰ বাবে জাননী জাৰি কৰে৷ জাননীত যোগে পথৰ দাতিত সাধাৰণ গৃহ সাজি দোকান দি থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলে ক্ষতিপূৰণ লাভ কৰিব বুলি ঘোষণা কৰাৰ লগতে জিৰাটৰ মূল্য বৃদ্ধি কৰা আৰু বিল্ডিঙৰ মূল্যায়নত থকা আসোৱাহ সমূহ পুনৰ মূল্যায়ন কৰা হ’ব বুলি ঘোষণা কৰে৷ 

মাটিৰ বৰ্দ্ধিত মূল্যৰ লগত ২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইন মতে ৪ গুণ পৰিমাণৰ টকা যোগ দিয়া হ’ব বুলি ঘোষণা কৰে৷ কিন্তু ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিয়ে মাটিৰ মূল্য আৰু বিল্ডিঙৰ মূল্য অধিক বৃদ্ধি কৰিবলৈ দাবী জনায়৷ তাৰ ফলত চৰকাৰে আন্দোলনকাৰীৰ পক্ষ আৰু প্ৰশাসনৰ মাজৰ বিবাদ নিষ্পত্তি কৰিবৰ বাবে উত্তৰ অসমৰ আয়ুক্তগৰাকীক গোচৰ নিষ্পত্তিকাৰী বিষয়া হিচাপে নিযুক্তি দিয়ে৷ গোচৰ নিষ্পত্তিকাৰী বিষয়াই ২২ মে'ত আন্দোলনকাৰী পক্ষৰ শুনানি গ্ৰহণ কৰে৷ শুনানি গ্ৰহণ কৰাৰ পাছত গোচৰ নিষ্পত্তিকাৰী বিষয়াই আন্দোলনকাৰী পক্ষৰ যুক্তি মানি মাটিৰ আঞ্চলিক মূল্য ২০ শতাংশ বৃদ্ধি কৰিবলৈ সন্মত হয়৷ 

সকলো ক্ষতিগ্ৰস্তকে ক্ষতিপূৰণ আদায় দিয়াত প্ৰশাসনে পলম কৰা বাবে ২০১৫, ২০১৬, ২০১৭ চনত ১২ শতাংশকৈ মুঠ ৩৬ শতাংশ জৰিমনা দিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে৷ ফলত বিল্ডিঙৰ ক্ষতিগ্ৰস্তসকলে অতিৰিক্ত ৩৬ শতাংশ টকা লাভ কৰিবলৈ আৰু মাটি হেৰুৱা লোকসকলে অতিৰিক্ত ৩৬ শতাংশ টকা পাবলৈ সক্ষম হ'ব৷ অৱশ্যে আন্দোলনকাৰী পক্ষই ন্যায় লাভ নকৰা বুলি অনুভৱ কৰা লোকে গোচৰ নিষ্পত্তিকাৰী বিষয়াই দিয়া ৰায় মানি অৰ্থাৎ সেই পৰিমানৰ টকা গ্ৰহণ কৰিও ন্যায়ালয়ৰ কাষ চাপিব পাৰিব বুলি কয় আন্দোলনৰ নেতৃত্ব লোৱা লোকে৷

সুৰক্ষা মঞ্চই দীৰ্ঘদিন ধৰি গ্ৰাণ্ট বা চৰকাৰী মাটিত বসবাস কৰি থকা লোকসকলৰ অভিযোগ বৰ্তমানলৈকে কোনো মিমাংসা নকৰাৰ বিৰুদ্ধেও প্ৰতিবাদ জনায়৷ তেওঁলোকৰ ন্যায়ৰ বাবে আন্দোলন চলাই যাব বুলি দৃঢ়তাৰে মন্তব্য প্ৰকাশ কৰে৷ আনহাতে ক্ষতিগ্ৰস্ত সুৰক্ষা মঞ্চৰ নেতৃত্ব, অতিৰিক্ত উপায়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিষয়া, গড়কাপ্তানী বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত ক্ষতিপুৰণ নোপোৱালৈকে পথ নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ কয়৷ 

শোণিতপুৰ জিলা প্ৰশাসনৰ ৰায় কাৰ্যকৰী নোহোৱা পৰ্যন্ত ক্ষতিগ্ৰস্ত সুৰক্ষা মঞ্চই পথ নিৰ্মাণ নকৰিবলৈ সকিয়াই দিয়ে৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ক্ষতিগ্ৰস্ত সুৰক্ষা ঐক্য মঞ্চৰ সভাপতি লক্ষ্যজিৎ দাস, সম্পাদক পলাশ বৰকাকতী, কাৰ্যকৰী সমিতিৰ সদস্য লক্ষ্য গগৈ আৰু ৰাজেশ বৰাই এই আন্দোলন সফল কৰি তোলাৰ বাবে সাহসৰে ওলাই অহা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ আন্দোলনক সফলভাৱে নেতৃত্ব দিয়াৰ বাবে চিপিআই (এম-এল) নেতা বিবেক দাস, কৃষক মহাসভাৰ নেতা বলীন্দ্ৰ শইকীয়া আৰু অনন্ত হাজৰিকাক কৃতজ্ঞতা জনায় ক্ষতিগ্ৰস্ত লোকসকলে৷