ধৰ্ষণ কাণ্ডৰ লজ্জাজনক পৰিণাম, মাতৃ হ’বলৈ ওলাইছে তেজপুৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী

newsnextone.com | তেজপুৰঃ ধৰ্ষণ-যৌন নিৰ্যাতনৰ দৰে ঘটনাৰ পৰা সমাজক মুক্ত কৰাৰ বাবে সমাজৰ সকলো সৰ্বপ্ৰকাৰৰ লোকে মত পোষণ কৰি আহিছে৷ সভ্য সমাজৰ বাবে বৰবিহ স্বৰূপ হৈ পৰা এনে কাণ্ডৰ পৰা সমাজক মুক্ত কৰাৰ বাবে চেষ্টাও চলাই আহিছে একাংশ লোকে৷ কিন্তু মহিলা-কিশোৰী নিৰ্যাতনৰ ঘটনাৰ পৰা মুক্ত হ’ব পৰা নাই সমাজখন৷ একাংশ লোকে বাৰে বাৰে এনে কাণ্ড সংঘটিত কৰি সভ্য সমাজক বদনাম কৰি আহিছে৷   

এইবাৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ধৰ্ষণৰ ধৰ্ষণ কাণ্ডৰ বলি হৈ ৯ মাহৰ অন্তঃসত্বা হোৱাৰ খবৰ পোহৰলৈ আহিছে৷ এই কাণ্ড সংঘটিত হৈছে শোণিতপুৰ জিলাৰ তেজপুৰৰ বৰঘাট আৰক্ষী চকী এলেকাৰ নপাম চাপৰিত৷ ইতিমধ্য ঘটনাৰ অভিযুক্ত নয়নমণি হাজৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ 

জানিব পৰা মতে, ঘটনা সন্দৰ্ভত তেজপুৰৰ বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত তথা অভিযুক্তক গ্ৰেপ্তাৰ নকৰাত শনিবাৰে বৰঘাট আৰক্ষী চকীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ 

ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ঘটনাৰ তদন্ত নকৰাৰ লগতে অভিযুক্তক ধৰিবলৈ চেষ্টা নকৰা বুলি অভিযোগ উত্থাপন কৰে৷ তাৰ পিছতে আৰক্ষীয়ে সষ্টম হৈ পৰে আৰু অৱশেষত আৰক্ষীয়ে অভিযুক্ত নয়নমণি হাজৰিকাক প্ৰতিবাদ কৰাৰ কেইটামান ঘণ্টাৰ পিছতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ তেজপুৰৰ বৰঘাট আৰক্ষীয়ে নপাম চাপৰিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ধৰ্ষণৰ অভিযুক্ত নয়নমণি হাজৰিকাক৷ 

প্ৰকাশ যে, আজাদ মেম’ৰিয়েল প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীক ধৰ্ষণৰ অন্তত বিয়াৰ প্ৰলোভন দিয়া হয়৷ বিয়াৰ প্ৰলোভন দি অনৈতিক কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হয় নয়নমণিৰ বিৰুদ্ধে৷ চুবুৰীয়া ৩০ বছৰীয়া যুৱক নয়নমণি হাজৰিকাই এই কাণ্ড সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে পৰিয়ালক অৱগত কৰিলে বিয়া নকৰোৱাৰ অজুহাত দেখুৱাইছিল৷ যাৰ ফলত সমগ্ৰ কাণ্ড গাপ দিছিল কিশোৰীয়ে৷ 

ঈদৰ প্ৰাকমুহুৰ্তত ছাত্ৰীগৰাকীৰ দৈহিক পৰিৱৰ্তনৰ পিছতহে ঘটনা পোহৰলৈ আহে৷ ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাইজমল অনুষ্ঠিত হয় যদিও কৌশলেৰে পলায়ন কৰিছিল নয়নমণিয়ে৷ ঘটনা সন্দৰ্ভত নিৰ্যাতিতা ছাত্ৰী গৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে নপাম চাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত নয়নমণি হাজৰিকাক৷ ঘটনাৰ সৈতে জড়িত অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷