কাটলিছৰাৰ ১৪টা NRC সেৱা কেন্দ্ৰত পৰিছিল বানৰ প্ৰভাৱ, আজিও আৰম্ভ হোৱা নাই কাম

newsnextone.com | হাইলাকান্দিঃ অহা ৩০ জুনত যে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় এই খবৰ একপ্ৰকাৰ নিশ্চিত হৈছে৷ নতুন দিন ঘোষণা সন্দৰ্ভত ২ জুলাইত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷ শেহতীয়াকৈ অসমত হোৱা বানপানী আৰু নেৰেনেপেৰা বৰষুণৰ বাবে প্ৰায় ১০টা দিন এনআৰচিৰ কামৰ ক্ষতি হৈছে বুলি এনআৰচি কৰ্তৃপক্ষই দাবী কৰিছিল৷ এনআৰচিৰ কৰ্তৃপক্ষই বন্ধ খামত ন্যায়ালয়ত আবেদন জনাইছিল৷

নতুন দিন ঘোষণা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাই এনআৰচিৰ মুখ্য সমন্বয়ত প্ৰতীক হাজেলাই৷ আদালতে পুনৰাই এটা নতুন দিন ঘোষণা কৰাৰ সম্ভৱনাই দেখা দিছে৷ ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ বাবেও সাজু হৈছে

বানৰ প্ৰভাৱৰ ফলত এনাৰচিৰ চূড়ান্ত খচৰা ৩০ জুনত প্ৰকাশ নাপাব পাৰে বুলি আশংকা ব্যক্ত কৰিছিল হাজেলাই৷ বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বহু এনএছকে পানীত ডুব যোৱাত কেইবাটাও দিন পৰীক্ষণৰ কামৰ ক্ষতি হৈছিল৷ ৬টা এনএছকে স্থানান্তৰিত কৰিব লগা হৈছিল৷ বানপানীৰ বাবে সময় নষ্ট হয়৷ 

বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত নেৰেনেপৰা বৰষুণৰ ফলত এনআৰচিৰ কাম লেহেমীয়া হয়৷ বিশেষকৈ হাইলাকান্দি জিলাৰ কাটলিছৰা ৰাজহ চক্ৰত বানৰ ব্যাপক প্ৰভাৱ পৰে৷ কাটলিছৰা ৰাজহ চক্ৰত ১৪টা এনআৰচিৰ সেৱা কেন্দ্ৰ আছে৷ কাটলিছৰাৰ ৰাজহ চক্ৰ বিষয়া জেমছ এইনে শুকুৰবাৰে জানিবলৈ দিয়া মতে, কাটলিছৰা ৰাজহ চক্ৰ এলেকাত ১৪টা এনআৰচিৰ সেৱা কেন্দ্ৰ আছে৷ ৮৬ শতাংশ কাম কম্পূৰ্ণ হৈছে৷ কিন্তু কিছু দিন আগতে হৈ যোৱা বানত প্ৰতিটো সেৱা কেন্দ্ৰত প্ৰভাৱ পৰে আৰু কম-বেছি পৰিমাণে কামৰ ক্ষতি হয়৷ একাংশ নথি পত্ৰ গুৱাহাটীত প্ৰেৰণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৰাজব চক্ৰ বিষয়াই৷