
newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত শনিবাৰে পুৱা প্ৰায় ৭ বজাত সৰভোগৰ বান্দৰখোৱাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মাতৃ-পুত্ৰৰ থিতাতে নিহত হোৱাৰ বাতৰিয়ে কোকৰাঝাৰত গভীৰ শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰহালক কোকৰাঝাৰ চহৰৰ থানাপাৰা নিবাসী প্ৰয়াত বিনয় দেৰ পত্নী সন্ধ্যা দে (৬৮) তেওঁৰ বৰ পুত্ৰ শংকৰ দে (৪৫) বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত বাতৰি অনুসৰি কোকৰাঝাৰ চহৰৰ থানাপাৰা নিবাসী প্ৰয়াত বিনয় দেৰ পত্নী সন্ধ্যা দেক গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়াত চকু পৰীক্ষা কৰিবলৈ তেওঁৰ ডাঙৰ পুত্ৰ শঙ্কৰ দে, সৰু পুত্ৰ সঞ্জয় দে আৰু সম্পৰ্কীয় বিশ্বজিৎ ঘোষে ডব্লিউবি-৭৪-ইউ-০১৬৭ নম্বৰৰ মাৰুতী ৰিটজগাড়ীৰে পুৱা প্ৰায় ৫.৩০ বজাত ঘৰৰ পৰা ৰাওনা হৈছিল৷
চালকৰ আসনত থকা সঞ্জয়ে হঠাতে সৰভোগৰ নিকটৰ বান্দৰখোৱাত গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু প্ৰচণ্ড জোৰেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত থিতাতে মাতৃ আৰু ডাঙৰ পুত্ৰ শংকৰ নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হোৱা সঞ্জয় দে আৰু বিশ্বজিত ঘোষ গুৰুতৰভাৱে আহত হয়। আহতদ্বয়ক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে দুয়োজনকে গুৱাহাটীৰ এপলো হাস্পতালত ভৰ্তি কৰায়৷
উল্লেখ্য যে, দুৰ্ঘটনাত নিহত শংকৰ দে কোকৰাঝাৰ ডায়েটৰ কম্পিউটাৰ টেকনেছিয়ানৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল আৰু ইহজগতত দুই পুত্ৰ, পত্নীক এৰি থৈ যায়৷ অতি সৰবৰাহী অমায়িক নিৰ্জু স্বভাৱৰ শংকৰ দে আৰু তেওঁৰ মাতৃৰ আকস্মিক মৃত্যুৱে কোকৰাঝাৰত শোকৰ ছাঁ পেলাইছে।