
newsnextone.com | মোৰাঝাৰঃ এটাৰ পাছত এটা নাৰকীয় কাণ্ড সংঘটিত হ’ব ধৰিছে ৰাজ্যত৷ যোৱা কেইবাটাও দিন ধৰি সংঘটিত হোৱা অমানৱীয় কাণ্ডই কাজ্য কঁপাই যোৱাৰ পিছতে পুনৰ এটি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ মোৰাঝাৰত৷ এগৰাকী প্ৰেমিকৰ পৰিয়ালে বৰ্বৰ ভাৱে প্ৰহাৰ কৰাই নহয় পঘাৰে বান্ধি প্ৰায় আধা কিঃ মিঃ পথ চোচোৰাই নি হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হয়৷
হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ এলেকাৰ সুতাৰপুৰ গাঁৱত এগৰাকী নিৰীহ মহিলাক পঘাৰে বান্ধি এদল পুৰুষ-মহিলাই নিৰ্মমভাবে প্ৰহাৰ কৰাৰ এটি ভিডিঅ’ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
পুনৰ যেন এক বৰ্বৰ কাণ্ড সংঘটিত হ’ল ৰাজ্যত৷ এই অতি নিৰ্মম, অমানৱীয়, বৰ্বৰ নাৰী নিৰ্যাতনে কঁপাই গ’ল হোজাই জিলাৰ মোৰাঝাৰ অঞ্চলক৷ জিলাখনৰ মোৰাঝাৰ আৰক্ষী থানাৰ এলেকাৰ সুতাৰপুৰ গাঁৱত এগৰাকী নিৰীহ মহিলাক পঘাৰে বান্ধি এদল পুৰুষ-মহিলাই নিৰ্মমভাবে প্ৰহাৰ কৰা এক ভিডিঅ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
পোহৰলৈ অহা ভিডিঅটোত এগৰাকী অসহায় মহিলাক খুঁটাত হাত, ভৰি বান্ধি নিৰ্যাতন চলাইছে একাংশ লোকে৷ বৰ্বৰ ভাৱে প্ৰহাৰ কৰি আসুৰিক তৃপ্তি লাভ কৰে লোকসকলে৷ এতিয়াৰ সমাজক সভ্য সমাজ বুলি কোৱা হয় যদিও কোনো লোকে মহিলাগৰাকীক ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল৷ প্ৰাণৰ মমতাত চিঞচ-বাখৰ কৰি চিৎকাৰ কৰি উঠিছিল অসহায় মহিলাই৷ একাংশ জপিয়াই পৰিছিল মহিলাৰ ওপৰত৷
জানিব পৰা মতে, মহিলাগৰাকীয়ে একেটা অঞ্চলৰে আলাউদ্দিনৰ পুত্ৰ মেহবুব আলম নামৰ এজন যুৱকক ভাল পাইছিল৷ মেহবুব আলম মহিলাগৰাকীক বিয়া কৰােৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ সেইমতে মহিলাগৰাকী আৰু মেহবুব আলমৰ প্ৰেম নিবেদন হয়৷ দুয়োৰে মাজত দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক৷
মহিলাগৰাকীয়ে পূৰ্বে এবাৰ বিয়া হৈছিল যদিও সেই কথা জানিছিল মেহবুব আলম৷ তাৰ পিছতো মহিলাগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু মেহবুবে প্ৰেয়সীক প্ৰতাৰণা কৰি শুকুৰবাৰে অন্য এগৰাকী যুৱতীৰে বিবাহপাশত আৱদ্ধ হয়৷
এই খবৰ লাভ কৰি গাঁৱৰ সমীপৰে মহিলাগৰাকীয়ে মেহবুবৰ ঘৰত উপস্থিত হৈ বিয়াত বাধা প্ৰদান কৰে৷ তাৰ পিছতে মেহবুব আলমৰ পৰিয়ালৰ একাংশ লোকে উত্তেজিত হৈ পৰে৷ উত্তেজিত হৈ বৰ্বৰ ভাৱে আক্ৰমণ কৰে মহিলাগৰাকীক৷ অভিযোগ মতে, এই নিৰ্মম অত্যাচাৰত আগভাগ লয় স্থানীয় শিক্ষক আব্দুৰ ৰৌফ আৰু আতিকুৰ ৰহমানে৷ পুৰুষ-মহিলাই মহিলাগৰাকীক কেৱল পঘাৰে বন্ধাই নহয়, চুৰ্ণীৰে ডিঙিত বান্ধি প্ৰায় আধা কিলোমিটাৰ বাট চোচোৰাই নি হত্যাৰ চেষ্টা চলায়৷
পৈশাচিক তৃপ্তি লাভ কৰা লোকসকলে মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত হাত দি যৌন নিৰ্যাতনো চলোৱা বুলিও অভিযোগ উত্থাপন কৰে৷ নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীয়ে সংকটজনক অৱস্থাত তাৰ পৰা কোনো মতে ৰিছু দপৰলৈ অহাৰ পিছতে একাংশ লোকে নীলবাগান চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায়৷ সংকটজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়৷
ৰহস্যজনকভাবে এনে এক জঘণ্য ঘটনাৰ পিচতো মোৰাঝাৰ আৰক্ষীয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা নাই৷ এনে জঘণ্য ঘটনা সংঘটিত কৰিও বীৰদৰ্পে ঘুৰি ফুৰিছে অভিযুক্ত৷ ৰাইজে ঘটনা সন্দৰ্ভত তদন্ত কৰি দোষীক উচিতশাস্তি প্ৰদান কৰিবলৈ দাবী জনায় হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক৷