
newsnextone.com | ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ সাংবাদিক স্বৰূপ লষ্কৰৰ সংবাদ জগতৰ পৰা আকষ্মিক ভাৱে বিদায় লয়৷ সাংবাদিক স্বৰূপ লষ্কৰক কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱে ডিফুস্থিত থেকাৰ কাকতৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে বিদায় জনায়৷
জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত সাংবাদিক স্বৰূপ লষ্কৰক বিভিন্ন সাংবাদিকে ফুলাম গামোচা, পহ' আদিৰে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰে৷ সাংবাদিকতাৰ জীৱন সামৰণি মৰা স্বৰূপ লষ্কৰক এক আবেগিক পৰিৱেশত কৰ্মজীৱনৰ অন্তিমটো দিনত পাহাৰীয়া জিলাখনৰ সাংবাদিকসকলে বিদায় দিয়ে৷
বিগত ২০টা বছৰে সততা আৰু নিৰপেক্ষ ভাৱে সেৱা সমাজৰ বাবে আগবঢ়াই সেৱা কৰাৰ বাবে শলাগ লোৱাৰ লগতে তেওঁৰ সংবাদ ক্ষেত্ৰৰ পৰা বিদায় ললেও পাহাৰীয়া সংবাদ জগতৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব বুলি উপস্থিত সাংবাদিক সকলে মন্তব্য প্ৰকাশ কৰে৷
সাংবাদিক স্বৰূপ লষ্কৰ গুৱাহাটীৰ পৰা প্ৰকাশিত জনপ্ৰিয় কাকত দৈনিক প্ৰতিদিনত ডিফুৰ পৰা সাংবাদিক ৰূপে কাম কৰিছিল৷ সাংবাদিকগৰাকীয়ে ব্যক্তিগত কাৰণতে সংবাদ জগতৰ পৰা স্বেচ্ছাই অব্যাহতি লোৱা বুলি কয়৷
১৯৯৮চনত হামৰেণত আজিৰ অসম কাকতৰ জৰিয়তে সাংবাদিকৰূপে আত্মপ্ৰকাশ কৰা স্বৰূপ লষ্কৰে এলেকাটোৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰি গৈছিল৷ ডিফু চহৰৰ পৰা ২০০২ চনৰ পৰা এতিয়ালৈ আজি, নতুন দিন, আজিৰ দৈনিক বাতৰি, প্ৰতিদিনৰ সংবাদ, দৈনিক কাৰ্বি, স্থানীয় বৈদ্যুতিন নিউজ চেনেল কাটত, প্ৰতিদিন টাইম, পাহাৰীয়া খবৰ আৰু দৈনিক প্ৰতিদিনৰ সৈতে জড়িত হৈছিল৷
ডিফুৰ পৰা সংবাদ পৰিবেশন কৰোঁতে বহু বিজ্ঞ, জ্ঞানী, গুণী সকলৰ সান্নিধ্যত বহু দিহা-পৰামৰ্শ লাভ কৰিছিল বুলি কোৱাৰ লগতে বিদায় ক্ষণত জিলা প্ৰেছ ক্লাৱৰ সদস্যসকলে দিয়া মৰম চেনেহত তেওঁ অভিভূত হৈ পৰা বুলি কয়৷ নগাঁও জিলাৰ কামপুৰত ঘৰ সাংবাদিক স্বৰূপ লষ্কৰৰ৷