
newsnextone.com | ৰঙিয়াঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ মহিলা সংগঠনেও বিভিন্ন ধৰণে প্ৰতিবাদ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ আগশাৰীৰ মহিলা সংগঠন নৰ্থ ইষ্ট ওমেন ফ্ৰণ্টে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যত গণ স্বাক্ষৰ সংগ্ৰহ কৰি আহিছে। দেওবাৰে ৰঙিয়াত উপস্থিত হয় নৰ্থ ইষ্ট ওমেন ফ্ৰণ্টে নামৰ মহিলা সংগঠনটোৰ চাৰিগৰাকীকৈ বিষয়-ববীয়া। ৰঙিয়া একাংশ মহিলাৰ সহোগত গণ স্বাক্ষৰ সংগ্ৰহ কৰি গড়কাপ্তানী বিভাগৰ ৰঙিয়াস্থি বাংলাত উপস্থিত হৈ জ্যেষ্ঠ নাগৰিক তথা বিভিন্ন লোকৰ সৈতে আলোচনাত বহে৷
নৰ্থ ইষ্ট ওমেন ফ্ৰণ্টৰ সভানেত্ৰী ৰেখা ৰাণী দাস বড়োৱে ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে থাকি চূড়ান্ত মুৰ্খামি কৰিছে বুলি কয়। ৰাজ্যৰ সকলোবোৰ দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতা কৰি ৰাজপথত প্ৰতিবাদ কৰাৰ পিছটো ৰজ্য চৰকাৰে বিধেয়ক খনৰ সপক্ষে থকাটো আঁচৰিত কথা বুলি কয়। বিজিপিয়ে অসমৰ ভাযা সাহিত্য অস্তিত্বৰ কথা বাদ দি কেনেকৈ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি অসমত ২০ বছৰলৈ শাসন অব্যাহত ৰাখিব পাৰে তাৰেহে চিন্তা কৰিছে৷ অসমীয়া জাতি ধ্বংসী কাম কৰিবলৈ ধৰা বুলি কৈ ৰেখা ৰাণী দাস বড়োৱে ক্ষোভ উজাৰে। বড়োৱে কয় যে অসমত আমি যিজনক জাতীয় নায়ক হিচাপে আখ্যা দিছোঁ সেই জন ব্যক্তিয়ে এতিয়া অসমৰ জাতি, মাটিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাটো অসমৰ বাবে এক আঁচৰিত বিষয়।
নৰ্থ ইষ্ট ওমেন ফ্ৰণ্টৰ সম্পাদিকা তথা বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে বিজেপিৰ কথা উল্লেখ কৰি আমাৰ সংবিধানত লিখা আছে প্ৰথম ৰাষ্ট্ৰ, দ্বিতীয় দল আৰু তৃতীয় ব্যক্তি বুলি কয়। সেই কাৰণে মই দলতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছো ৰাষ্ট্ৰক। ৰাষ্ট্ৰ মানে মই জন্মপোৱা মাতৃভূমি৷ সেই বাবে মই মোৰ ৰাজ্যখনক ক্ষতি কৰিব পৰা সকলো বিষয়ৰ বিৰুদ্ধে মাত মাতি যোৱাটো মোৰ কৰ্তব্য বুলি ভাবো বুলি কয় মীৰা বৰঠাকুৰে।
সেই কাৰণে আমি সকলোৱে যি দলৰে নহও কিয় নৰ্থ ইষ্ট ওমেন ফ্ৰণ্টে একগোটহৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ গণ স্বাক্ষৰ অভিযান অব্যাহত ৰাখিছোঁ৷ ইতিমধ্যে মহিলা সংগঠনটোৱে ৮০ হেজাৰ স্বাক্ষৰ সংগ্ৰহ কৰিছে৷ অসমত পুনৰ সংসদীয় সমিতি অহালৈকে স্বাক্ষৰ অভিযান অব্যাহত থাকিব বুলি কয় মহিলা সংগঠনটোৰ নেত্ৰী বৰঠাকুৰে। আনহাতে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে মীৰা বৰঠাকুৰে। অতুল বৰা আৰু কেশৱ মহন্তই কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে থকাৰ পিছটো যেনেদৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মাত মাতিব লাগিছিল তেনে দৰে মাত মতা নাই বুলি কয়।
আনহাতে অতুল বৰাই মন্ত্ৰিত্ব আৰু দলৰ সভাপতি হৈ থকা কাৰ্যকো সমালোচনা কৰি মহিলা নেত্ৰীগৰাকীয়ে কয় যে অতুল বৰাই দলৰ সভাপতি আৰু মন্ত্ৰী দুটা পদত থকাৰ বাবে দোধোৰ-মোধোৰ অৱস্থাৰ সন্মুখীন হ’ব লগা হৈছে। সেই বাবে বৰাই দলৰ সভাপতিৰ পদটো বাদ দি মন্ত্ৰী সভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সবল যুক্তিৰে মাত মতাটো প্ৰয়োজন বুলি কয়।
নেত্ৰীগৰাকীয়ে নিজে বিজেপি দল কৰে যদিও অসমৰ ভাষা, জাতি, ভেটিৰ ক্ষতি হ’ব পৰা সকলো কথাত মাত মাতি যাব বুলি মন্তব্য আগবঢ়াই৷ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে অসমীয়া ভাষা সম্পৰ্কত কৰা মন্তব্য কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি কয়। ৰাজেন গোহাঁয়ে দলৰ হৈ ওকালতি কৰাতকৈ অসমীয়া জনসাধাৰণৰহৈ মাত মাতিবলৈ আহ্বান জনাই বৰঠাকুৰ। প্ৰতিনিধি দলটোত ৰেখা ৰাণী দাস বড়ো, মীৰা বৰঠাকুৰৰ লগতে উপস্থিত থাকে নৰ্থ ইষ্ট অ’মেন ফ্ৰন্টৰ সাধাৰণ সম্পাদিকা কুইন হাজৰীকা, মামনি শৰ্মা। প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, অগপ ৰঙিয়া নগৰ সমিতিৰ সভাপতি পংকজ লহকৰো উপস্থিত থাকে।