
newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ জমুই জিলাৰ চিকাণ্ডাৰা আৰক্ষী থানা এলেকাত বাইকত অহা দুৰ্বৃত্তই এগৰাকী আৰটিআই কৰ্মীক গুলীয়াই হত্যা কৰে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজনৈতিক পৰিবেশ গৰম হৈ পৰে বিহাৰত৷ দেওবাৰে নিশা আৰটিআই কৰ্মী বাল্মিকী যাদৱে সহকৰ্মী কাৰু যাদৱৰ সৈতে বাইকেৰ চিকাণ্ডাৰ বজাৰৰ পৰা নিজ গাঁও বিছবে অভিমুখে আহি থকাৰ সময়তে মাজ পথতে অচিনাক্ত দুৰ্বত্তই গুলীয়াই নিৰ্বিঘ্নে আঁতৰি যায়৷
আইটিআই কৰ্মী বাল্মীকিৰ গুলীচালনা কৰা ঠাইতে মৃত্যু হোৱাৰ লগতে কাৰু যাদৱৰ চিকিৎসালয়লৈ নি থকা অৱস্থাক মৃত্যু হয়৷ হত্যাকাৰী এতিয়ালৈ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই৷ জানিব পৰা মতে আইটিআই কৰ্মীগৰাকীয়ে বিভিন্ন বিভাগত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য উলিয়াই বহু দুৰ্নীতি পোহৰলৈ আনিবলৈ সক্ষন হৈছিল৷
এই ঘটনাৰ লগে লগে বিহাৰত তিনিমাহৰ ভিতৰত তৃতীয় গৰাকী আৰটিআই কৰ্মীক হত্যা কৰে দুৰ্বৃত্তই৷ জুন মাহৰ ১৯ তাৰিখে মতিহাৰিত এগৰাকী আৰটিআই কৰ্মী ৰাজেন্দ্ৰ সিঙক গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই৷ ইয়াৰ পূৰ্বে বৈশালী জিলাত জয়ন্ত কুমাৰক হত্যা কৰিছিল৷ তিনিওগৰাকী আৰটিআই কৰ্মীয়ে বিভিন্ন বিভাগ, আমোলা, ৰাজনৈতিক দলৰ নেতাৰ দুৰ্নীতি পোহৰলৈ আনিছিল৷