অসমীয়াক চিকিৎসা কৰিবলৈ বাংলাদেশৰ পৰা আহিছে বাংলাদেশী কবিৰাজ

newsnextone.com | তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত বাংলাদেশৰ হিন্দু নাগৰিকৰ সংস্থাপনৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে তেজপুৰত এগৰাকী বাংলাদেশী কবিৰাজ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিদেশী মুক্ত অসমৰ স্বাৰ্থত এনআৰচি প্ৰস্তুত কৰাৰ লগতে এনআৰচিৰ কাম সমাপ্ত হ’বৰ সময়তে এনদৰে বাংলাদেশৰ পৰা নাগৰিক সোমাই অহা কাণ্ডই তেজপুৰতো চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, প্ৰায় ৫৫ বছৰীয়া জাহিদুল ইছলাম নামৰ লোকগৰাকীয়ে যোৱা ২৬ জুনত সীমান্তৰে অসমত প্ৰৱেশ কৰে৷ তাৰ পিছতে বিভিন্ন স্থান পৰিভ্ৰমণ কৰাৰ অন্তত তেজপুৰৰ বাঁহবাৰী বাগিচাত উপস্থিত হয়৷ দেওবাৰে নিশা তেজপুৰৰ বাঁহবাৰী বাগিচাত অনাই-বনাই ঘুৰি থকা অৱস্থাত ৰাইজৰ সন্দেহ উপজাত সোধ-পোছ কৰে৷ ৰাইজে সোধ-পোছ কৰাত সন্দেহ কৰে বাংলাদেশী নাগৰিক বুলি৷ লোকজনক আৱদ্ধ কৰি এআইএছএফক আৰু আৰক্ষীক খবৰ দিয়ে৷ এআইএছএফক আৰু বেবেজীয়া আৰক্ষী উপস্থিত হৈ সোধপোছৰ বাবে থানালৈ লৈ আহে৷ কেইবাঘণ্টা ধৰি সোধ-পোছৰ পিছতে আৰক্ষীয়ে লোকজন বাংলাদেশৰ বুলি নিশ্চিত হয়৷

বাংলাদেশৰ পৰা কবিৰাজী চিকিৎসা কৰিবলৈ অহা বুলি স্বীকাৰ কৰে৷ যোৱা ২৬ জুনত অসমত প্ৰৱেশ কৰিছিল বাংলাদেশৰ নাগৰিকজনে৷ জাহিদুল ইছলাম নামৰ প্ৰায় ৫৫ বছৰীয়া লোকজনক বৰ্তমানেও বেবেজীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ সোধ-পোছ অব্যাহত ৰাখিছে৷ এতিয়া প্ৰশ্ন হয় সীমন্তত সীমান্ত আৰক্ষী, বিএছএফ জোৱানে পহৰা দিয়াৰ পিছতো কেনেদৰে অসমত প্ৰৱেশ কৰে বাংলাদেশীয়ে৷

উল্লেখ্য যে, বাংলাদেশী বিতাড়নৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেইবাটাও জাতীয় দল-সংগঠনে কেইবাটাও দশক ধৰি ৰাজ্যৰ ৰাজপথ উত্তাল কৰি ৰাখিছে৷ অসম আন্দোলনতো নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ৬ বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷

বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷ বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷