
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ ৰাইদঙীয়াত গুলী ফুটাই হিন্দুস্থান লিভাৰৰ দুই কৰ্মচাৰীৰ পৰা লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে৷ মঙলবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয়৷ তিনি যুৱকে গুলী ফুটাই আতংকৰ সৃষ্টি কৰি লুটি নিয়ে বৃহৎ পৰিমাণৰ ধন৷
তিনি অস্ত্ৰধাৰী যুৱকে গুলী ফুটাই চোকা অস্ত্ৰৰে দুজন লোকক আক্ৰমণ কৰি লুটি নিলে ১,৮,০০০০ টকা। গোবিন্দ শৰ্মা আৰু সুব্ৰত দে নামৰ হিন্দুস্থান লিভাৰৰ কৰ্মচাৰীৰ পৰা এই ধন লুটি নিয়ে। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।