ঘৰৰ ভিতৰত দুৰ্বৃত্তই মাতৃক কৰিলে প্ৰহাৰ, কোলাৰ শিশুক নিলে কাঢ়ি, পেলাই থৈ গ'ল পথাৰত

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | লংকাঃ হোজাই জিলাৰ লংকাত এটি অবুজ শিশুক মাতৃৰ কোলাৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ ভালুকমাৰীৰ প্ৰফেচাৰ কলনিৰ এগৰাকী মাতৃয়ে নিজ ঘৰৰ ভিতৰত ডেৰ বছৰীয়া সন্তানক কোলাত লৈ আছিল৷

তেনেতে এজন যুৱক হঠাৎ ঘৰত প্ৰৱেশ কৰি মাতৃক আক্ৰমণ কৰে আৰু ডেৰ বছৰীয়া শিশুটোক কোলাৰ পৰা টানি লৈ উধাও হয়৷ সেই সময়ত দুৰ্বৃত্তৰ হাতত আছিল এখন ডেগাৰ লগে লগে মাতৃয়ে চিঞৰ-বাখৰ কৰাত ৰাইজ ওলাই আহি দুৰ্বৃত্তৰ পিছে পিছে খেদি যোৱাত পথত শিশুটোক পথাৰত পেলাই থৈ যায়৷

মাতৃক প্ৰহাৰ কৰাত আহত হয় মাতৃগৰাকী৷ ঘৰৰ ভিতৰৰ পৰা দুৰ্বৃত্তই ডেৰ বছৰীয়া কন্যা সন্তান কাঢ়ি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহিলাগৰাকীৰ চিঞৰ–বাখৰত ৰাইজ ওলাই অহাত হে ৰক্ষা পৰে শিশুটো৷ ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তক জালত পেলাবলৈ অভিযান আৰম্ভ কৰিছে৷