
newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ দধিয়াত কেইবা শ লোক বানৰ কৱলত পৰি হাহাকাৰ কৰিব লগা হৈছে৷ ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে ঘৰ-দুৱাৰ ডুবাই পেলোৱাৰ লগতে ৰাস্তা-ঘাট সকলো ডুব গৈছে৷ যোৱা দুদিন ধৰি বানত আৱদ্ধ হৈ পৰিছে প্ৰায় ১২০৬টা পৰিয়াল৷
ব্ৰহ্মপুত্ৰ পানীয়ে বুৰাই পেলাইছে গাঁও চাৰিখন৷ শিশু, বৃদ্ধৰ লগতে পুৰুষ-মহিলাই ব্যাপক বিপদত পৰা পৰিলক্ষিত হৈছে৷ নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ, ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে ডুবাই পেলাইছে চাৰিখনকৈ গাঁও৷ ১২০৬টা পৰিয়ালত খাদ্য সংকট পৰৰা ফলত প্ৰশাসনৰ পৰা সাহায্য বিচাৰি আবেদন জনাব লগা হৈছে৷ প্ৰশাসনে খাৰ নোলোৱাৰ ফলত অনাহাৰে পাৰ কৰিছে বানক্ৰান্তই৷ বানপানী সাহায্য বিচাৰি চৰকাৰ ডিব্ৰুগড় প্ৰশাসনক কাতৰ আহ্বান জনাব লগা হৈছে ৰাইজে৷