
newsnextone.com | মাজুলিঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত এতিয়া পয়মালে পয়মাল৷ উন্নয়নৰ প্ৰতিশ্ৰুতি দি মাজুলীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়ী হোৱা সৰ্বানন্দ সোণোৱালৰ বিধানসভা সমষ্টিত প্ৰতিটো উন্নয়নমূলক কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ পথ নিৰ্মাণ, স্বাস্থ্য খণ্ড, মথাউৰি নিৰ্মাণ, শিক্ষা আদিত বিভিন্ন আঁচনি ঘোষণা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰি কিছু আঁচিন নিৰ্মীয়মান অৱস্থাত আছে৷ আঁচনি সমূহ ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
আনহাতে গোটেই খৰালি মাহত বিষয়া, অভিযন্তা, মন্ত্ৰী-বিধায়কে মাজুলীৰ খবৰ নললৈ যদিও ভৰ বাৰিষা মাজুলীৰ উন্নয়নৰ কথা মনত পৰিছে মন্ত্ৰী-বিধায়কৰ৷ খৰালি মাজুলীৰ ভগ্ন মথাউৰি সমূহৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু আজিও তেনেদৰেই থাকিল বহু মথাউৰি৷ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি বৰ্তমানেও প্ৰতিশ্ৰুতি হৈয়ে আছে বুলি ৰাইজে কব খোজে৷
মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলীক জিলা ঘোষণা কৰাৰ দুটা বছৰ পাৰ হ’ল৷ জিলা ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু কেইজন প্ৰভাৱশালী মন্ত্ৰীৰ উপস্থিতিত যোৰহাট-মাজুলী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল যদিও কিন্তু আজিলৈকে দলংৰ নামত এটাও শিলগুটি পৰা নাই সেই স্থানত৷ ৰাইজে এতিয়া প্ৰশ্ন কৰিছে মাজুলীক বিশ্বমানৰ কৰি দেখুওৱাব খোজা বিজেপিয়ে আৰু কিমান দিন মিছা কথা কব৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰা দলঙৰ আজিলৈ কিয় কাম আৰম্ভ নহ’ল তাকেই লৈ প্ৰশ্ন উত্থাপন কৰে৷
তাৰ মাজতে ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে মাজুলী ভ্ৰমণ কৰে৷ মন্ত্ৰীগৰাকীয়ে মাজুলীত ভ্ৰমণ কালত বিভিন্ন আঁচনি পৰিদৰ্শন কৰি বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সমষ্টিত পথ নিৰ্মাণ আৰু চৰকাৰী কাৰ্যালয়ৰ অৱস্থাত মন্ত্ৰীৰ চকু থিয় হয়৷ দুটা বছৰে অসম চৰকাৰৰ মাজুলীৰ উন্নয়নৰ ৰথা মনত নপৰিল যদিও বাৰিষাই উন্নয়নৰ খতিয়ান লয় মন্ত্ৰীয়ে৷ ৰাইজে মাজুলীত ৰূপায়ন হৈ থকা বিভিন্ন আঁচনিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে মাজুলীত উপস্থিত হৈ কাম কাজ সমূহ পৰিদৰ্শন কৰে৷
ৰাইজৰ অভিযোগৰ ভিত্তিতে প্ৰয় ১০ কোটি টকাৰে শ্ৰীৰাম দেৱোত্তৰত নিৰ্মাণ হৈ থকা আয়ুস হস্পিতালত উপস্থিত হৈ ৩ দিনৰ ভিতৰত অনিয়ম দুৰ্নীতিৰ তদন্ত কৰিবলৈ গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ তদুপৰি ভৱনটোৰ পকী খুঁটা এটা ভাঙি পৰা কাণ্ড আৰু তলৰ অংশত অনিয়ম সংঘটিত হোৱাৰ তদন্ত কৰি ৭ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী হিমন্তই৷ সমান্তৰালভাবে মাজুলীত নিৰ্মাণ হৈ থকা পথ আৰু ভৱন সমূহৰ কামত আপোচবিহিন ভাবে কাম কৰিবলৈ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশ দিয়ে৷
কমলাবাৰী ঘাটৰ পৰা গোপালপুৰ, বৰুৱাবাৰী, ভুৰামৰা, আৰু গৰমূৰ জেংৰাইমুখ সংযোগী মুল পথসমূহৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও পথসমূহৰ নিৰ্মাণৰ কাম প্ৰায় নিম্নমাণ্ডৰ হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷ পথ সমূহ পৰিদৰ্শন কৰি সম্পূৰ্ণৰূপে অসন্তুষ্টি প্ৰকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে কেইবাটাও পথত স্থাপন কৰা প্ৰেভাৰ ব্লক পৰীক্ষা কাৰাৰ উপৰিও চাইড বান্ধ নেদেখি আশ্চৰ্য প্ৰকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে নিৰ্মাণথলিৰ পৰাই দুৰ্নীতি সংঘতিত কৰা ঠিকাদাৰ সমূহৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে৷
আনহাতে মাজুলীৰ আটাইতকৈ পয়ালগা অৱস্থাৰ স্বাস্থাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰীগৰাকীয়ে পূৰ্বতে মাজুলীৰ গড়মূৰ অসামৰীক চিকিৎসালয় খন ১০০ খন বিছনা বিচনাযুক্ত হ’ব বুলি ঘোষণা কৰিছিল যদিও ১০০ খন বিছনাযুক্ত হোৱাটো দুৰৰ কথা চিকিৎসালয়ত সাধাৰণ ৰোগীক চিকিৎসা কৰিবলৈ সুবিধা নাই৷ ৰোগীয়ে এতিয়াও ভুগিব লাগে যমৰ-যাতনা৷