ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সোণোৱাল, ৩০ ঘণ্টাৰ ভিতৰত পথ মেৰামতিৰ কাঢ়া নিৰ্দেশ, মুচীৰ সৈতে বাৰ্তালাপ

newsnextone.com | ডিব্ৰুগড়/চাবুৱাঃ ৰাজ্যৰ ঘাইপথ সমূহ দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ জহি-খহি যাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন ঘাইপথৰ লগতে ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী-মটৰ চলাব পৰা পৰিবেশ নোহোৱা হৈছে৷ নিতৌ পথটোত দুৰ্ঘটনা সংঘটিত হৈ মানুহ ঘূণীয়া হ’ব লগা হৈছে৷ বিভিন্ন দল-সংগঠনে সময়ে সময়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা হোৱাৰ পিছতো এনএইচ কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷

তাৰ মাজতে মঙলবাৰে ৰাজ্য বিভিন্ন প্ৰান্তৰ ঘাইপথ, আন আন জৰাজীৰ্ণ পথ সমূহৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধী কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে৷ 

জৰাজীৰ্ণ ঘাই পথ, উপ-পথ সমূহৰ কদৰ্য অৱস্থাৰ বাবে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰে কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে৷ যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ এদিন পিছতে বুধবাৰে গৃহ জিলাত ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। 

গৃহ জিলাত উপস্থিত হোৱাৰ পিছতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীয়ে কনভয় ৰখাই পথৰ অৱস্থা প্ৰত্যক্ষ কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে৷
চাউলখোৱা ৰেল ষ্টেচন অাৰু নালিয়াপুল বজাৰত কনভয় ৰখাই সেই সময়ত পথৰ দাতিৰ সাধাৰণ লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে বিজেপিৰ জনসম্পৰ্ক অভিযানৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে৷ ডিব্ৰুগড়ত পথৰ দাতিত বহা সাধাৰণ দৰিদ্ৰ মুছিৰ সৈতে কথা বতৰাপাতি চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নালিয়াপুল বজাৰৰ সমীপত উপস্থিত হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে যান বাহন চলাচলত অসুবিধা হোৱাৰ বিষয়টো নিৰীক্ষণ কৰে৷ লগে লগে মুখ্যমন্ত্রীগৰাকীয়ে পথচোৱাৰ দায়িত্বত থকা এন এইচ অাই ডি চি এল কৰ্তৃপক্ষক ৩০ ঘণ্টাৰ ভিতৰত নালিয়াপুল, চাউলখোৱা, চাবুৱা অাদি এলেকাৰ গাঁতসমূহ মেৰামতিৰ ব্যৱস্থা কৰি পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ নিৰ্দেশ দিয়ে৷

পৰিদৰ্শনকালত মুখ্যমন্ত্রীৰ সৈতে লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা অাৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদ্দুৰীও উপস্থিত থাকে৷ অানহাতে ডিব্ৰুগড় জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক কঠোৰ নিদেৰ্শ দিয়া কাৰ্যক শলাগ লয় যদিও এনে নিৰ্দেশ পূৰ্বেই দিয়াৰ প্ৰয়োজন আছিল বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে ৩০ ঘণ্টাৰ ভিতৰত জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নিৰ্দেশ দিছে যদিও এনএইচ কৰ্তৃপক্ষই কিমান গুৰুত্ব সহকাৰে লয় সেয়া লক্ষণীয় হ’ব৷