কৃষি পথাৰত মামৰে ধৰা পিষ্টল উদ্ধাৰ

newsnextone.com | ছিপাঝাৰঃ বুধবাৰে দৰং জিলাৰ ছিপাঝাৰৰ নামখলাত কৃষি পথাৰত এটি মামৰে ধৰা পিষ্টল উদ্ধাৰ হয়৷ নামখলা পথাৰত জয়ন্ত বৰুৱা নামৰ কৃষকজনে উদ্ধাৰ কৰে পিষ্টলটো৷ 

পথাৰত কোৰ মাৰি থকা অৱস্থাত কোৰত লাগি উদ্ধাৰ হয় পিষ্টলটো৷ পিষ্টলটোৰ সৈতে দুইজাই গুলীও উদ্ধাৰ হয়৷ কৃষকজনে পাথৰিঘাট আৰক্ষীক গতাই দিয়ে পিষ্টলসহ দুইজাই গুলী৷