নায়েৰ আলগাত গৰাখহনীয়াত জাহ যাবলৈ ওলাইছে শ-শ পৰিয়াল, আমাক জীয়াই থাকিবলৈ দিয়ক

newsnextone.com | বিলাসীপাৰাঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া এক অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি. অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া ব্যস্ত হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ৷ তাৰ মাজতে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰচৰ গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীয়ে শ-শ পৰিয়ালক কন্দুৱাইছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ 

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰচৰ গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰচৰ গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাত ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। পথ খহাই নিয়াৰ লগতে ঘৰ-দুৱাৰ উটুৱাই নিয়া পৰিলক্ষিত হৈছে৷

ব্ৰহ্মপুত্ৰ নদীয়ে বহু গাঁও জাহ যোৱাৰ উপক্ৰম হৈছে। ইমানৰ পিছতো স্থানীয় বিধায়ক তথা প্ৰশসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ জলসম্পদ বিভাগ একপ্ৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত আছে। শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে গাঁৱৰ মাজেৰে ব্ৰহ্মপুত্ৰ নৈ বৈ যোৱাটো নিশ্চিত হৈ পৰিছে।

এতিয়া ভৰ বাৰিষা নিতৌ দি আহিছে নেৰানেপেৰা বৰষুণ৷ বাৰিষা অহাৰ লগে লেগ অসমৰ নৈপাৰত বাস কৰা লোকসকলৰ বাবে বাৰিষা হৈ পৰিব অভিশাপ স্বৰূপ৷ নৈ পৰীয়া ৰাইজৰ বাবে বাৰিষা কাল যেন অভিশাপ৷ কিয়নো বাৰিষাৰ বৰষুণে ফেনে-ফোটোকাৰে উফন্দি পৰে নদী৷ নদীয়ে ভৰ ল’ব নোৱাৰা পানীৰ চাপত আৰম্ভ হয় গৰাখহনীয়া৷ 

গৰাখহনীয়াৰ প্ৰবাল ৰূপে নৈপৰীয়া ৰাইজৰ জীৱন-সংগ্ৰামক ধুলাস্যাৎ কৰে৷ মুহূৰ্ততে উটুৱাই নিয়ে সপোনৰ ঘৰখন৷ নৈয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰি উটুৱাই নিয়ে খেতি পথাৰৰ সপোনবোৰ৷ এফালৰ পৰা খহাই লৈ যায় নৈপৰীয়া ৰাইজৰ আশাৰ ৰেঙণিক৷ নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায় কষ্টোপাৰ্জিত স্থাৱৰ-অস্থাৱৰ সম্পদসমূহ৷ 

ৰাজ্যখনৰ নৈপৰীয়া লোকসকল আকৌ চিন্তিত হৈ পৰিছে বাৰিষাৰ আগমণত৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ ভগ্ন মথাউৰিসমূহ মেৰামতি নহ'ল আজিকোপতি৷ অসাৰ হ’ল জলসম্পদ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি৷ চৰকাৰক আৱেদন নিবেদন কৰি ভাগৰি পৰিছে অসমৰ গাঁওসমূহৰ ৰাইজ। নৈৰ অভিশাপৰ পৰা মুক্তি পাবৰ বাবে এতিয়া ৰাইজে আৰাধনা কৰিবলৈ লৈছে অদৃশ্য শক্তিক৷ 

নৈপৰীয়া ৰাইজৰ উচুপনি কোনেও নুশুনে। মন্ত্ৰী বিধায়ক আহে আৰু যায়৷ ৰাইজৰ স্মৃতিত হৈ ৰয় সমস্যা পূৰণৰ আশ্বাসবোৰ। পৰিৱৰ্তন আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰিৱৰ্তনৰ নামত ওলাই পৰিছে আন এক ফোপোলা স্বৰূপ। 

ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰ চৰ গাঁও পঞ্চায়তৰ মায়াৰ চৰ ১ম খণ্ড গুণিমাৰীৰ পৰা মায়াৰ চৰ ৭ম খণ্ড বাকপাৰা লৈকে কেবাদিন ধৰি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। 

কেইবা দিন ধৰি ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে প্ৰবল গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত ৰাখিছে যদিও। শ-শ কৃষিভূমি শষ্য লগতে ঘৰবাৰী নদী জাহ গৈ আছে। অঞ্চলৰ ৰাইজে গৰাখহনীয়াই কৱলত পৰি হাহাকাৰ কৰিব লগা হৈছে। এতিয়া লৈকে কোনো এজন জনপ্ৰতিনিধিয়ে কাণসাৰ দিয়া নাই। ভোটৰ সময়ত জনপ্ৰতিনিধি ৰাইজৰ পদুলিত থিয় দিয়া দেখা পাও। কিন্তু ৰাইজৰ বিপদত কোনো এজন জনপ্ৰতিনিধিয়ে সময় আহৰি নাপায়। ইতিমধ্যে অঞ্চলটোৰ ১৪০টা পৰিয়ালৰ ঘৰ-দুৱাৰ উটিৱাই নিয়ে৷ ফলত ৰাইজে চৰকাৰ প্ৰশাসনক মিনতি কৰি কয় যে আমাক জীয়াই থাকিবলৈ দিয়ক৷