
newsnextone.com | গুৱাহাটী/মৰিগাঁওঃ হিন্দী বলয়ৰ আগ্ৰাসনৰ কথা সময়ে সময়ে প্ৰকাশ হৈ আহিছে যদিও এইবাৰ তাৰ প্ৰমাণ ওলাই পৰিল৷ এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে এগৰাকী থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঠুকঢ়াই থৈ প্ৰমাণ কৰিলে অসমত শেহতীয়াকৈ হিন্দী বলয়ৰ প্ৰভাৱ কিমান৷ সময়ে সময়ে অসমৰ সমাজ জীৱনত ভয়াবহ ভাৱে ক্ৰিয়া কৰা কিছু ঘটনা বহিৰাগত ব্যৱসায়ীয়ে সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত কৰি আহিছে যদিও এইবাৰ হাতে কামে কৰি দেখুৱালে৷
গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কমল দাস নামৰ থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই থয় বৃহস্পতিবাৰে৷ তাৰ পিছতে এই ফটো ছ’ছিয়েল মিডিয়াত প্ৰকাশ পায়৷ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
জানিব পৰা মতে, বৃহস্পতিবাৰে গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ চাৰ্ভিচ চেণ্টাৰৰ সফলতাৰ বাবে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানত মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কেক কাটিবলৈ সাজু হৈছিল৷ তাৰ পূৰ্বে এগৰাকী অডিতৰে দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি অভব্য-অশ্ৰাব্য ব্যৱহাৰ কৰে৷ ইমানতে ক্ষান্ত নাথাকি আঠুঁ কাঢ়ি থাকিবলৈ কয়কৰ্মচাৰীজনক৷ কৰ্মচাৰীগৰাকীয়ে আঠু কাঢ়িবলৈ নিবিচৰাত ভাবুকি প্ৰদান কৰি আঠু কাঢ়িবলৈ বাধ্য কৰে৷
অসমীয়া কৰ্মচাৰীজনক কাণত ধৰাই আঁঠু কঢ়াই ৰাখি মালিক ঋষভ হিম্মৎসিংকাই কেক কাটে৷ সেই সময়ত আন আন অসমীয়া কৰ্মচাৰীয়ে মালিকক উপহাৰ দিবলৈ সমীপত থিয় দি আছিল৷ স্ফূৰ্টি তামাচা কৰি সঞ্চালক ঋষভ হিম্মৎসিংকাই কেক কাটি সফলতা উদযাপন কৰে৷
এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰ বলত বলিয়ান হৈছে বহিৰাগত ব্যৱসায়ী৷ কোনো অদৃশ্য শক্তিয়ে ব্যৱসায়ীসকলক সমৰ্থন দি থকাৰ ফলতে বলিয়ান হৈ যি খন ৰাজ্যত ব্যৱসায় কৰি আছে সিখন ৰাজ্যৰ থলুৱা লোকক মাৰধৰ কৰি অপমান কৰিবলৈ সাহস পালে৷
অসমীয়া জাতি এতিয়া ভয়ংকৰ বিপদত পৰাত আশংকা কৰা হৈছে৷ গনেশগুৰিৰ মুকেশ হুণ্ডাইত সংঘটিত ঘটনাই বহি কথাই ভবাই তুলিছে অসমীয়াক৷ এই ঘটনাক কেইবাটাও দল-সংগঠনে গৰিহণা দিয়ে৷ সংযুক্ত মুক্তি বাহিনী, অসম (আলফা) নেতা জিতেন দত্তই এয়া কোনো কাৰণত সহ্য কৰিব নোৱিৰ বুলি কয়৷ অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ সভাপতি মনোজ গগৈ, অসম ছাত্ৰ যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক মাধুৰ্য বৰুৱা, সদৌ অসম জনজাতি যুৱ সন্মিলনৰ আহ্বায়ক সীমান্ত ৰাভা, কলিতা সেনাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্য জ্যোতি কলিতাকে ধৰি বিভিন্ন দল-সংগঠনে ঘটনাক নিন্দা কৰাৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।