
newsnextone.com | কাজিৰঙাঃ বাৰিষা কালত হাইলেণ্ডৰ অভাৱত বানৰ কৱলত পৰি ককবকাব লগা হয় অসমৰ মান-অভিমান, অসমীয়াৰ গৌৰৱ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল৷ বিশেষকৈ এশিঙিয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত উদ্যান খনৰ জীৱকূলৰ আলাই-আথানি নোহোৱা হয়৷ বছৰ বছৰ ধৰি চোৰাং চিকাৰীয়ে উদ্যান খনৰ জীৱ-জন্তু হত্যা কৰি আহিছে৷ সমানে সমানে বান আৰু পিটনি সমূহেও প্ৰাণ লৈ আহিছে জীৱ-জন্তুৰ৷ বছৰটোৰ প্ৰায় ৪মাহ কাল উদ্যান খন পানীত ডুবি থকাৰ ফলত বহু জীৱ-জন্তুৰ মৃত্যু হৈ আহিছে সময়ে সময়ে৷
এটুকুৰা ওখ ঠাই বিচাৰি ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হোৱাৰ চেষ্টা কৰি গাড়ীৰ চেপাত প্ৰাণ দিব লগা হয় জীৱকূলে৷ প্ৰতিবছৰে বানৰ ফলত মানুহৰ দৰে নাজল-নাথল অৱস্থা হৈ পৰে কাজিৰঙাৰ জীৱকূলৰ৷ প্ৰতিশ্ৰুতি অনুযায়ী গঁড় হত্যা ৰোধ কৰিব নোৱাৰা চৰকাৰখনে বানপানীৰ সময়ত জীৱ-জন্তুৰ বাবে হাইলেণ্ডৰ ব্যৱস্থা কৰাত বহু পলমকৈ কৰাৰ লগতে খৰালি কালত জীৱকূলক খাদ্য সামগ্ৰী, পানীৰ ব্যৱস্থা কৰাত বিফল হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷ যাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় উদ্যানখনত অসহায় হৈ পৰে অসম গৌৰৱ গঁড়কে ধৰি প্ৰতিটো জীৱ-জন্তুক আগন্তুক বানৰ প্ৰতি লক্ষ্য ৰাখি ৰক্ষা কৰিবলৈ এতিয়া সষ্টম হৈ পৰা পৰিলক্ষিক হৈছে কাজিৰঙাৰ বনবিভাগ।
আগন্তুক ২/৩ দিনৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভয়াবহ বানৰ কৱলত পৰিব বুলি এখন সংবাদ মেল যোগে ঘোষণা কৰিছিল বনবিভাগে৷ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰি ককবকাব লগা হোৱা জীৱ-জন্তুৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সষ্টম হৈ পৰা দেখা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। উল্লেখ্য যে, কাজিৰঙা বানৰ কৱলত পৰাৰ লগে-লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী সমূহে নিৰাপদ স্থানৰ সন্ধানত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ঢাপলি মেলে দক্ষিণ দিশৰ কাৰ্বি পাহাৰলৈ।
বিগত বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে বহু কেইটা বন্যপ্ৰাণী গাড়ীৰ খুণ্ডাত আহত বা নিহত হ’ব লগীয়া হৈছিল৷ তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথত ব্যৱস্থা গ্ৰহণ কৰিছে বনবিভাগে। বুধবাৰে পুৱাই ৰাজপথত বেৰিকেড স্থাপনৰ অভিযান আৰম্ভ কৰে বনবিভাগে৷ বোকাখাতৰ বৰজুৰিৰ পৰা বুঢ়াপাহাৰৰ আমগুৰি লৈকে একেদিনাই ২৮টা বেৰিকেড স্থাপন কৰে বনবিভাগে। এই বেৰিকেড সমূহৰ জৰিয়তে বনবিভাগে গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ বেগত নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে বনবিভাগে।
বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে এক জাননী জৰিয়তে ১৪৪ ধাৰা জাৰি কৰি এই নিৰ্দেশনা দিছে৷ বানপানীৰ সময়ছোৱাত পানবাৰীৰ এনিমেল কৰিডৰৰ উপৰিও বন্যজন্তু পাৰ হোৱা স্থানসমূহত ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণী সুৰক্ষিত ভাবে পাৰ হ’বৰ বাবে পথত স্থাপন কৰিব বিশেষ মেট৷ বানপানীৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭নং ঘাইপথৰ কাষত সন্ধিয়াৰ পৰা পুৱা পৰ্যন্ত কোনো গধুৰ যান-বাহন ৰখাব নোৱাৰিব বুলিও জানিবলৈ দিয়ে বনবিভাগে৷
বানপানীৰ সময়ছোৱাত ৩৭নং ঘাইপথত কৰ্তব্য সম্পাদনৰ বাবে কাজিৰঙাৰ দাঁতিকাষৰীয়া জিলা সমূহৰ পৰা স্থায়ী আৰু অস্থায়ী বনকৰ্মীক ডেপুটেশ্যনত আনিছে বুলি উদ্যান কৰ্তৃপক্ষই৷ বনকৰ্মীসকলে বানপানীৰে মোকাবিলা কৰি কৰ্তব্য সম্পাদন কৰিবলৈ উদ্যান কতৃৃৃৃপক্ষই ২০০ৰো অধিক হাত নাও, আঠখন স্প্ৰীট ব’থ, চাৰিখন মেছিন নাও সাজু কৰি ৰাখিছে৷ আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বানৰ সময়ত সজাগতা বৃদ্ধিৰ বাবে বেনাৰ, পোষ্টাৰ আদি আঁৰিছে বনবিভাগে। বনবিভাগৰ এনে প্ৰচেষ্টাত বানৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণী কিমান সুৰক্ষিত হ’ব সেয়া হ’ব লক্ষণীয়।