ফুটবলৰ জ্বৰত আক্ৰান্ত তামুলপুৰ, আৰম্ভ হৈছে ‘এ’ আৰু ‘বি’ ডিভিজন ফুটবল

newsnextone.com | তামুলপুৰঃ উত্তেজনাপূৰ্ণ হৈ পৰিছে বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ৷ প্ৰতিখন মেচৰ প্ৰতিটো মুহূৰ্তই শিহৰিত কৰি তোলে প্ৰতিজন ফুটবলপ্ৰেমীক৷ সৃষ্টি হয় শ্বাসৰুদ্ধকাৰ পৰিবেশ৷ সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে জনপ্ৰিয়তাৰ তুংগত থকাৰ বাবেই বিশ্বকাপ ফুটবলক লৈ বহুদিনৰ আগৰে পৰাই অসমৰ নগৰ-চহৰৰ কথা বাদেই গাঁৱে-ভূঁঞে আৰম্ভ হৈছিল ফুটবলৰ চৰ্চা৷ তাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ ‘এ’ আৰু ‘বি’ ডিভিজন ফুটবল লীগ শুকুৰবাৰৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে৷

শুকুৰবাৰে প্ৰথমখন খেল বৈৰাথী দল আৰু গুথাল ক্লাৱৰ মাজ অনুষ্ঠিত হয়৷ প্ৰথমখন খেল উদ্ধোধন কৰে তামুলপুৰৰ মহকুমাধিপতি সুজিত বাগলাৰীয়ে। খেলত বৈৰাথী দলে গুথাল ক্লাৱক ২-০ গ'লত পৰাস্ত কৰে। খেল পৰিচালনা কৰে অজয় বড়ো, বৈছাৰ বড়ো আৰু তৰুণ ৰাজবংশীয়ে।

ইয়াৰ পূৰ্বে অনুষ্ঠিত এখন সভাত যোৱা মাৰ্চ আৰু এপ্ৰিল মাহত ৰঙিয়াৰ কেন্দুকণা আৰু উত্তৰ লখিমপুৰত অনুষ্ঠিত হৈ যোৱা দশম আন্তঃজিলা ছাব জুনিয়ৰ মহিলা কাবাডী আৰু ৩১তম আন্তঃজিলা ছিনিয়ৰ মহিলা কাবাডী প্ৰতিযোগিতাত তামুলপুৰ জিলাৰ চূড়ান্ত বিজয়ী আৰু ৰাণাৰ্চ আপ দলৰ খেলুৱৈসকলক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা সভাত বিটিচিৰ কাৰ্যবাহী সদস্য তথা তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি দেৱেন বড়োৱে অংশ গ্ৰহণ কৰি খেলৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিব পাৰি বুলি কয়। শৰীৰ ভালে থকাৰ লগতে খেলুৱৈ সকলক খেলত ভালদৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায় দেৱেনে।