গ্ৰাহকক হাৰাশাস্তি, আলমগঞ্জত জিঅ’ৰ কাৰ্যালয়ত ওলমিল তলা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | পৰ্বতঝোৰাঃ ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানী ৰিলায়েন্স ইণ্ডিয়াৰ অধিনৰ জিঅ’ই ৰাইজক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ নেটৱাৰ্ক সঘনাই বিচ্ছিন্ন কৰাৰ লগতে নেটৱাৰ্ক থাকিলেও ফোন নলগাৰ লগতে ইণ্টাৰনেট সেৱাই কাম নিদিয়া বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বিগত সময়ছোৱাত বিভিন্ন সমস্যাৰ বাবে সাধাৰণ গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

তাৰ মাজতে শনিবাৰে ধুবুৰী জিলাৰ পৰ্বতঝোৰাৰ আলমগঞ্জৰ জিঅ’ৰ কাৰ্যালয়ত ৰাইজে তলা ওলোমাই দিয়ে৷ আলমগঞ্জৰ জিঅ’ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ নেটৱৰ্কৰ সঘন বিজুতিত অতিষ্ঠ হৈ ৰাইজে কাৰ্যালয়ক তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ৬ঘণ্টা ধৰি নেটৱাৰ্ক বিচ্ছিন্ন হৈ থকাৰ পিছতোঁ জি’অ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷