উৰণীয়া সেঁতু, ষ্ট্ৰিট লাইটৰ পোহৰ নাপালে গোৰেশ্বৰীয়াই, এজাক বৰষুণতে ডুব যায় নগৰৰ উপ-পথ

newsnextone.com | গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত গোৰেশ্বৰ অঞ্চলক ৰাজ্যৰ প্ৰতিখন চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ তথা ৰঙিয়া বিধান সভা সমষ্টি আৰু মঙলদৈ লোকসভা সমষ্টিৰ গোৰেশ্বৰীয়া ৰাইজ বছৰ বছৰ ধৰি লাঞ্চিত-বঞ্চিত৷ এক ৰক্তাক্ত ইতিহাসৰ মাজেৰে পাৰ হৈ অহা গোৰেশ্বৰীয়া ৰাইজে কলা, সংস্কৃতি, বাণিজ্য, ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে বিভিন্ন দিশত সদায় অৱদান আগবঢ়াই আহিছে৷

কিন্তু ঐতিহাসিক গোৰেশ্বৰক কোনো দলৰ চৰকাৰ আৰু কোনো নেতাই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ সময়ত কেৱল বৰ বৰ কথাৰে ফিতাহি মাৰে যদিও সেইবোৰ সময়ত ফুটুকাৰ ফেনত পৰিণত হয়৷ নিৰ্বাচনত জয়ী হৈ বিধায়ক, পৰিষদৰ কাৰ্যবাহী হোৱাৰ পিছত চাহ বাগান, দালান, বেংক বেলেঞ্চ, বিলাসী গাড়ী, মনোৰঞ্জনৰ বাবে নতুনত্ব আহে যদিও গোৰেশ্বৰৰ বাব একো নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

নেতা সকলে কেৱল দুই এটা গ্ৰাম্য এলেকাৰ পথ নিৰ্মাণৰ বাবে আধাৰ শিলা স্থাপন কৰি ফটো তুলি ফেচবুকত আপলোড কৰি দায়িত্ব সামৰে৷ গোৰেশ্বব ৰাইজে এখন দলঙৰ অভাৱত তামুলপুৰলৈ তথা মহকুমাধিপতিৰ কাৰ্যালয়লৈ যাবলৈ প্ৰায় অতিৰিক্ত ১৫ কিঃ মিঃ ঘুৰি যাব লাগে৷

বিটিএডিৰ চাৰিখন জিলাৰ ভিতৰতে অন্যতম বাণিজ্যিক চহৰ হৈছে বাক্সা জিলাৰ গোৰেশ্বৰ চহৰ৷ চহৰ খনত নিতৌ ভাৰত-ভূটান সীমান্তৰ পৰা আৰম্ভ কৰি কামৰূপৰ মুক্তাপুৰ, দৰঙৰ আন্ধেৰীঘাট, ৰঙিয়াৰ সমীপৰ কাউৰবাহা আদি অঞ্চলৰ পৰা নিতৌ হাজাৰ হাজাৰ লোক গোৰেশ্বৰ টাউনলৈ আহে৷ বিভিন্ন চৰকাৰী কাৰ্যালয় থকাৰ লগতে ৰেল ষ্টেচনটো থকাত মানুহৰ আহ-যাহৰ পৰিমাণ দিনক দিনে গোৰেশ্বৰ টাউনলৈ অহা মানুহৰ সংখ্যা বৃদ্ধিহে হৈ আহিছে৷ এই অঞ্চলসমূহৰ ধান, মৰাপাট, সৰিয়হ, চুপাৰি আদিৰ ব্যৱসায় গোৰেশ্বৰৰ পৰাই চলে৷ 

যাৰ বাবে বিটিচিৰ কাৰ্যবাহী তথা গোৰেশ্বৰ পৰষদীয় সমষ্টিৰ সদস্য মহেশ্বৰ বসুমতাৰীয়ে ৰেল লাইনৰ ওপৰত উৰণীয়া সেঁতু নিৰ্মাণ, ষ্ট্ৰিট লাইটেৰে গোৰেশ্বৰক পোহৰাই তোলাৰ প্ৰতিশ্ৰুতি দিছিল৷ ইমানে নহয় উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ দিন বাৰ থিক কৰি প্ৰচাৰ পত্ৰিকা প্ৰচাৰ কৰিছিল প্ৰায় তিনিটা বছৰ পূৰ্বে৷ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ তেনে কোনো ধৰণৰ কাম নগৰ খনত পৰিলক্ষিত হোৱা নাই৷ ইমানে নহয় ডাঙৰ আঁচনি ৰূপায়ন কৰাটো দূৰৰ কথা টাউন খনৰ সাধাৰণ উপ-পথ সমূহ আজিলৈ নিৰ্মাণ-মেৰামতি কৰিব পৰা নাই৷ আজিলৈ প্ৰতিশ্ৰুতি দি পূৰণ কৰিব নোৱাৰিলে বিটিএডিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে৷

যাৰ ফলত এজাক বৰষুণতে ডুব যায় গোৰেশ্বৰ নগৰ। নগৰখনৰ গোৰেশ্বৰ বজাৰ ৰোড বাৰিষাৰ ৬ মাহে পানীত ডুব গৈ থাকে। উল্লেখ্য যে, গোৰেশ্বৰ মুখ্য চ’কৰ পৰা জ্যোতিনগৰলৈ পথচোৱাৰ মাজভাগ প্ৰায়ে জলমগ্ন হৈ থকা পৰিলক্ষিত হয়৷ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, ৰোগীয়ে হাৰাশাস্তি ভোগ কৰি আহিছে৷ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে লগতে সাধাৰণ ৰাইজে এই পথটোৰ বাবে এতিয়া যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷

গোৰেশ্বৰ নগৰ সমিতি খন বৰ্তমান আছে নে নাই তাকে লৈ চৰ্চা আৰম্ভ হৈছে৷ নগৰৰ পৰা পানী ওলাই যােৱাৰ বিকল্প ব্যৱস্থা কৰিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে গোৰেশ্বৰ নগৰ সমিতিৰ বিৰুদ্ধে৷ এজাক বৰষুণতে হাতত চেণ্ডেল লৈ খোজকাঢ়িব লাগে ৰাইজে৷ গোৰেশ্বৰ আঞ্চলিক আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশী আৰু বাক্সা জিলা এবছুৰ বিত্ত সম্পাদক সদানন্দ বড়োৱে শীঘ্ৰে পথচোৱাৰ দুয়োকাষে নলা নিৰ্মাণ কৰি সমস্যা সমাধান কৰিবলৈ দাবী জনায় গোৰেশ্বৰ নগৰ সমিতিক৷

উল্লেখ্য যে, বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ মাজ মজিয়াৰে পাৰ হৈ যোৱা ৰঙিয়া-মুৰ্ককচেলেং ব্ৰডগজ ৰে’লপথৰ ওপৰত গোৰেশ্বৰত উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ দিন-বাৰ ঠিক কৰি বিপিএফ দলে প্ৰচাৰ চলোৱাই নহয়, বহু লোকক আমন্ত্ৰণো জনাইছিল৷

প্ৰায় ২৯ মাহ পূৰ্বে সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিটিচিৰ কাৰ্যবাহী গণেশ কছাৰী আৰু মহেশ্বৰ বসুমতাৰীয়ে উৰণীয়া সেঁতু নিৰ্মাণৰ কথা ঘোষণা কৰাৰ লগে লগে গোৰেশ্বৰৰ বিপিএফ নেতা-কৰ্মীয়ে গোৰেশ্বৰত ৰে’লপথৰ ওপৰত উৰণীয়া সেঁতু নিৰ্মাণ হ’ব বুলি ব্যাপক প্ৰচাৰ চলায় যদিও সম্প্ৰতি উৰণীয়া সেতুৰ নিৰ্মাণ প্ৰসংগটো ক্ৰমাৎ ধূসৰ হৈ পৰিছে।

যোৱাটো বিধানসভা নিৰ্বাচনৰ সময়তো বিপিএফৰ নেতা-মন্ত্ৰীসকলে সভাই-সমিতিয়ে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ৰে’লপথৰ ওপৰত টংলা, গোৰেশ্বৰ আৰু গোসাঁইগাঁৱত তিনিখন উৰণীয়া সেঁতু নিৰ্মাণৰ কথা ঘোষণা কৰিছিল যদিও বিষয়টো এতিয়ালৈ কোনো ধৰণে আগবঢ়া নাই বুলি জানিব পৰা গৈছে।

গোৰেশ্বৰ-গুৱাহাটী মুখ্য পথটোত উৰণীয়া সেঁতুৰ আধাৰশিলা পৰ্যন্ত বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ দ্বাৰা উদ্বোধন কৰাবলৈ দিন-বাৰ ঠিক হৈছিল যদিও উক্ত আধাৰশিলা অনুষ্ঠান কৰা দেখা নগ’ল। 

আনহাতে সকলো দল-সংগঠনক লৈ ২০১৭ বৰ্ষৰ ফেব্রুৱাৰীত উৰণীয়া সেঁতুৰ নিৰ্মাণ আৰু প্ৰয়োজনীয়তাক লৈ গোৰেশ্বৰত সভাও অনুষ্ঠিত হৈ গৈছিল। ইয়াৰ পিছতো আগবঢ়া নাই উক্ত প্ৰসংগ।

ইপিনে তীব্ৰ যান-জঁটৰ বাবে বহু সময় ৰৈ থাকিবলগীয়া হোৱাত গোৰেশ্বৰ ৰে’ল গেটটোত ছাত্ৰ-ছাত্ৰী, ৰোগী, চাকৰিয়ালে সমস্যাত পৰে৷ ৰে’লৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰায়ে ৰে’ল গেটটো বন্ধ হৈ থকাত অন্য বাহন আৰু নাগৰিকৰ সমস্যা ক্ৰমে বাঢ়িবলৈ লৈছে। ছাত্ৰ-ছাত্ৰী আৰু মহিলাৰ লগতে বৃদ্ধ পথচাৰীসকল এই ক্ষেত্ৰত সন্মুখীন হৈছে ভীষণ সমস্যাৰ।