
newsnextone.com | ডিফুঃ বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এটা বছৰ সম্পূৰ্ণ কৰিলে৷ তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এটা বছৰ সম্পূৰ্ণ কৰাত পৰিষদৰ সচিবালয়ৰ সভাকক্ষত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ষপূৰ্তি উদযাপন কৰে৷ বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্য চৰকাৰ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী চুম ৰংহাঙ, সন্মানীয় অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বৈঠালাংছ সমষ্টিৰ বিধায়ক ডা০ মানচিং ৰংপি, বোকাজান সমষ্টিৰ বিধায়ক ডা০ নোমল মোমিন, হাওৰাঘাট সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং, পৰিষদৰ সকলো কাৰ্যবাহী সদস্য, সদস্য, পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপি সভাপতি অৰূণকুমাৰ তেৰাং, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি সংখ্য ফাংচ’, জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ জি ভি শিৱ প্ৰসাদ আৰু কাৰ্বি পৰিষদৰ বিভিন্ন সচিবসকল উপস্থিত থাকে৷
বৰ্ষপূৰ্তি অনুষ্ঠানৰ উদ্দেশ্যে বাখ্যা কৰে পৰিষদৰ প্ৰধান সচিব মহাদানন্দ হাজৰিকাই৷ কাৰ্বি পৰিষদৰ কৰ্মচাৰীসকলে এটি সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানৰ আৰম্ভনিতেই অতিথিসকলক একোখনকৈ কাৰ্বি পহ’, টুপি, জেকেট আৰু বুকিৰে সম্বৰ্ধনা যাচে৷ বৰ্ষপূৰ্তি অনুষ্ঠানত ২৬ পৰিষদীয় সমষ্টিৰ এমএচিসকলে এবছৰীয়া কাৰ্যকালত ৰূপায়ণ কৰা কাম-কাজৰ সফলতাৰ ৰিপৰ্ট কাৰ্ড বুকলেট আকাৰে প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰে৷
মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী চুম ৰংহাঙে কয় যে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলং জিলা আৰু এখোপ আগুৱাই গৈছে৷ জিলাখনত উন্নয়ণ ত্বৰান্বিত কৰাৰ বাবে প্ৰতিটো বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়াব লাগিব৷ চৰকাৰৰ বাজেটৰ পুঁজী সমূহ প্ৰত্যক্ষ ভাৱে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদলৈ আহে আৰু আঁচনি সমূহৰ একছন প্লেন পৰিষদতে তৈয়াৰ হয়৷ সেয়েহে এই ক্ষেত্ৰত বিষয়া-কৰ্মচাৰীসকলে নিষ্ঠাৰে কাম কৰিলে সকলো দিশতে উন্নয়ণ সম্ভৱ হৈ উঠিব৷ আনহাতে মন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে তেওঁৰ বিভাগৰ পৰা উন্নয়ণমূলক কাম-কাজ আন্তৰিকতা আৰু দায়িত্ব সহকাৰে পালন কৰিব৷
এইছএডি বিভাগটোত ট্ৰাইবেল শব্দটো নথকাৰ বাবে পাৰ্বত্য জিলাখনৰ জনজাতিসকল প্ৰত্যক্ষ উন্নয়নৰ পৰা বঞ্চিত হৈছে৷ সেয়ে এইছএডিৰ পৰিৱৰ্তে এইছএটিডি বিভাগ কৰিলে জনজাতিসকল অধিক উপকৃত হ'লহেতেন বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী চুমে৷ আনহাতে এইছএডি বিভাগৰ কাৰ্যালয় প্ৰতিখন জিলা আঞ্চলিক পৰ্যায়ত থকাৰ পৰিৱৰ্তে গুৱাহাটীত মাত্ৰ এটা মুখ্য কাৰ্যালয় থাকত বিভাগটো অৱহেলিত হৈছে বুলি কয় চুমে৷
মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰি কয় যে বিজেপিৰ অধীনত আৰু তেওঁৰ নেতৃত্বত ২০১৭ বৰ্ষৰ জুলাই মাহত এক ঐতিহাসিক ক্ষণত কাৰ্বি পৰিষদ খনৰ দায়িত্বভাৰ লও৷ উক্ত বৰ্ষত ৫টাকৈ শনিবাৰ, দেওবাৰ আৰু সোমবাৰ আছিল যি ঐতিহাসিক পৰিঘটনা৷ ৮২৩ বছৰ পিছতহে সম্ভৱ হ'ব৷ আনহাতে তেওঁ মুখ্য কাৰ্যবাহী সদস্য হিচাপে ০৭/০৭/২০১৭ তাৰখত দায়িত্ব লৈছিল৷
কাৰ্বি আংলঙত এতিয়া চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি দিন হাজিৰা কৰা লোক বিষয়া মন্ত্ৰী, এমএলএ সকলোকে লৈ টীম কাৰ্বি আংলং হিচাপে কাম কৰি কাৰ্বি আংলঙৰ এখন জাকত জিলাকা জিলা হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰি থকা হৈছে বুলি কয় তুলিয়ে৷ এতিয়া জিলাখনত নিকৃষ্ট ৰাজনীতি নহয় উন্নয়নৰ ৰাজনীতি চলিছে বুলি কয়৷ জিলাখনৰ বৃহত্তৰ ভৌগলিক পৰিসীমাৰ আভাষ দি কয় যে কাৰ্বি আংলঙ জিলাতকৈ কম পৰিসৰৰ ৰাজ্য চিকিম আৰু অনান্য ৰাজ্য সমূহে চৰকাৰৰ পৰা অধিক পুঁজী লাভ কৰে য'ত কাৰ্বি আংলং জিলা আকাৰত বৃহত হলেও তেনে পুঁজীৰ পৰা বঞ্চিত হৈ আহিছে সেয়েহে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ অধিক ক্ষমতাৰ বাবে ষষ্ঠ অনুসূচীৰ ২৪৪(ক) ৰূপায়ণৰ বাবে দাবী কৰি আহিছে বুলি কয়৷
ইতিমধ্যে অসম আন্দোলনত শ্বহীদসকলক সাহায্য প্ৰাদান কৰাৰ দৰে ডিমা হাছাও আৰু কাৰ্বি আংলঙত স্বায়ত্ত ৰাজ্যৰ আন্দোলনত শ্বহীদৰ পৰিয়াললৈকো ৫লাখ টকাকৈ ৰাজ্য চৰকাৰে সাহায্য ঘোষণা কৰাৰ কথা চিন্তা কৰিছে বুলি কয়৷ আনহাতে জিলাখনত এবছৰৰ ভিতৰত সকলো বাট-পথ ব্লেকটপিং কৰা হ'ব বুলি কয়৷ জিলাখনক কৰ্মসংস্কৃতিৰ অংশীদাৰ স্বৰূপ চাফাই কৰ্মীৰ পৰা আৰম্ভ কৰি চকীদাৰ পিয়ণ আৰু চালকসকলো৷ সেয়ে এই পবিত্ৰ ক্ষণত কাৰ্বি পৰিষদৰ চাফাই কৰ্মী, পিয়ন, চকীদাৰ, লঘু আৰু গধুৰ বাহনৰ চালক দজনক একোখনকৈ প্ৰশংসা পত্ৰ আৰু মটৰ চাইকেলেৰে উৎসাহিত কৰা হৈছে৷
ডিফু চহৰৰ বাট-পথ, ড্ৰেইন, ষ্ট্ৰীটলাইটৰ দৰে কাম কৰি চহৰখনৰ উন্নতি কৰি থকাৰ সমান্তৰাল কৈ জিলাখনৰ আন ৯খন নগৰ সমিতিতো কৰা হ'ব৷ আনহাতে বোকাজান সমষ্টিৰ বিধায়ক ডা০ নোমল মমিনে কয় যে কাৰ্বি স্বায়ত্ত পৰিষদত এতিয়া দুৰ্নীতৰ টোকা আতৰি তুলিৰাম ৰংহাঙৰ নেতৃত্বত জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হৈছে৷ পূৰ্বৰ বহু আঁচনি এতিয়াও অৰ্ধ সমাপ্ত সেইবোৰৰ প্ৰতি দৃষ্টি দিবলৈ মুখ্য কাৰ্যবাহীগৰাকীক আহ্বান জনায়৷ আনহাতে আমাৰ দেশত হোৱা চিপাহী বিদ্ৰোহ বৃটিছৰ ৰিউমাৰৰ বাবে সংঘটিত হোৱাৰ লগতে ভাৰতীয় সমাজ ব্যৱস্থাত বিভিন্ন অন্ধ বিশ্বাসৰ বীজ ৰোপণ কৰি গৈছে যাৰ প্ৰভাৱ আজিও ভাৰতীয় সমাজত বিদ্যমান সেয়ে অন্ধ বিশ্বাস দূৰ কৰাৰ সৰ্বস্তৰত সজাগতা গঢ়ি তুলিব লাগে বুলি কয় বিধায়ক নোমলে৷ ইয়াৰোপৰি বিধায়ক ড০ মানচিং ৰংপি, জয়ৰাম ইংলেং, এমএচি মংগল চিং তিমুঙেও ভাষণ প্ৰদান কৰে৷