
newsnextone.com | কলিয়াবৰঃ ২০১৭ চনৰ ১২ আগষ্টৰ নিশা মহা প্ৰলয়ৰ সৃষ্টি হৈছিল কলিয়াবৰত৷ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমুৰালৈকে মথাউৰি ছিঙি নিয়াৰ ফলত ভয়ংকৰ বিপদত পৰিছিল কলিয়াবৰবাসী। নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ ৰাইজে ভয়ংকৰ বানপানীৰ কবলত পৰাৰ স্মৃতি আজিও পাহৰিব পৰা নাই৷
নগাঁও জিলাক কলঙৰ বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি অহা হাতীমুৰা মথাউৰি ২০১৭ চনৰ ১২ আগষ্টৰ নিশা প্ৰায় ২ বজাত ছিঙি গৈছিল৷ তাৰ পিছতে ৰনচণ্ডী ৰূপ ধাৰণ কৰিছিল কলঙে৷ কলঙে মানুহৰ ঘৰ-বৰ বুৰাই পেলাইছিল। পকী দলং কলঙৰ বুকুত জাহ গৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত থকাৰ ফলত আহ-যাহ বন্ধ হৈ পৰিছিল৷
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত চৰম দুৰ্যোগ নামি আহিছিল। ১২ আগষ্টিৰ নিশা মথাউৰিটো ছিঙি নিয়াৰ পিছত ১৩ আগষ্টৰ পুৱাই মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো মথাউৰি পুনৰ মেৰামতি কৰাৰ কৈ ৰাইজক সুৰক্ষা দিয়াৰ কথা কৈছিল৷ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে, কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমুৰালৈকে মথাউৰি নিৰ্মাণো হ’ল৷ তথাপিও ৰাইজে শংকা মুক্ত হ’ব পৰা নাই৷
বিভাগীয় মন্ত্ৰী মন্ত্ৰী কেশৱ মহন্তই হাতীমুৰা মথাউৰিক বিপদমুক্ত বুলি ঘোষণা কৰিলেও কলিয়াবৰৰ একাংশ ৰাইজ ৰাইজে শংকামুক্ত হ’ব পৰা নাই বুলি জানিব পৰা গৈছে। ৰাইজৰ মতে বৰ্তমানেও থাকি গ’ল মথাউৰি মেৰামতিৰ কিছু কাম। সমানে মথাউৰিটো পৰহা দিয়াৰ আৱশ্যক আছে বুলি কয় ৰাইজে৷ কিয়নো নিতৌ বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই অহাৰ ফলত মথাউৰিৰ ক্ষতি হোৱা বুলি কয়৷
হাতীমুৰা মথাউৰিৰ ছিঙি নিয়া অংশকে ধৰি তিনি কিলোমিটাৰৰ অধিক অংশ মথাউৰি পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও জিঅ’ টিউব সমপূৰ্ণ কৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ হাতীমুৰা মথাউৰি মেৰামতিৰ কাম লাভ কৰা দুটাকৈ প্ৰতিষ্ঠানৰ এটাই নিজৰ কাম সম্পূৰ্ণ কৰাৰ বিপৰীতে আনটো প্ৰতিষ্ঠানৰ কাম আজিও বাকী আছে বুলি জানিব পৰা যায়৷
স্থানীয় ৰাইজে এম পি আগৰৱালা ঠিকাদাৰ গোষ্ঠীৰ নামত আৱণ্টিত ৯২টা জিঅ’ টিউবৰ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে ফ্লেক্সি-টাফ নামৰ ঠিকাদাৰ গোষ্ঠীয়ে আজিও ৫৪টা জিঅ’ টিউব বহুওৱা নাই বুলি অভিযোগ উত্থাপন কৰে। আনহাতে, কলিয়াবৰৰ মহকুমাধিপতিয়ে যোৱা ১ জুলাইত ঠিকাদাৰ গোষ্ঠী ফ্লেক্সি-টাফক জাননী জাৰি কৰাত ১০ দিনৰ সময় বিছাৰি ফ্লেক্সি-টাফে আজি পৰ্যন্ত ৫৪টা জিঅ’ টিউব বহুওৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে।
আনহাতে, আনটো ঠিকাদাৰ গোষ্ঠীয়ে ইতিমধ্যে সংস্থাপিত কৰা জিঅ’ টিউবৰ ক্ষতি সাধন কৰে কাজিৰঙাৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে। হাতীমুৰা মথাউৰিৰ এটা অংশ এনিমেল কৰিড’ৰ হিচাপে ব্যৱহাৰ হোৱাৰ দৰে হৈ পৰিছে৷ ফলত বনৰীয়া হাতীৰ জাকে ক্ষতিসাধন কৰিছে মথাউৰিটোৰ এটা অংশ। ১০ টাৰো অধিক জিঅ’ টিউবৰ ক্ষতিসাধন কৰিছে বন্যহস্তীৰ জাকে। যাৰ বাবে নিশাৰ ভাগত স্থানীয় বনকৰ্মীয়ে পহৰাৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। স্থানীয় বনকৰ্মীৰ লগতে বন্যপ্ৰাণী বিভাগৰ বনকৰ্মীৰেও পহৰাৰ ব্যৱস্থাৰ দাবী জনায় স্থানীয় ৰাইজে।
মহা প্ৰলয়ৰ স্মৃতি ৰোমন্থন কৰি বানৰ আশংকাত প্ৰায়ে হাতীমুৰা মথাউৰি পৰিদৰ্শন কৰিও আহিছে স্থানীয় ৰাইজে। মথাউৰি মেৰামতিৰ কৰাৰ পিছতোঁ শংকামুক্ত হ’ব পৰা নাই হাতীমুৰা মথাউৰিৰ সমীপৰ গঞাই। পুনৰ বানৰ আশংকাই নিদ্ৰাহৰণ কৰিছে কলংপৰীয়া ৰাইজক৷
ইফালে ৰাইজে অভিযোগ উত্থাপন কৰা মতে, বিগত বৰ্ষত মথাউৰি ছিঙি সৃষ্টি হোৱা বানত ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপুৰণ আজিপৰ্যন্ত লাভ কৰা নায়। এবছৰ হ’বলৈ হ'ল যদিও ক্ষতিপূৰণ প্ৰদানৰ বাবে বান ক্ষতিগ্ৰস্তৰ নথি-পত্ৰ সংগ্ৰহ কৰিয়েই দায়িত্ব সামৰে চৰকাৰ-প্ৰশাসনে।