সফলতাৰ নাই কোনো চমু পথ, প্ৰতিবন্ধী চিৰিণৰ পঢ়াৰ দায়িত্ব ললে আজমল পৰিয়ালে

newsnextone.com | মোৰাঝাৰঃ শাৰীৰিক অক্ষমতাকো নেওচি জীবন যাত্ৰাত আগবাঢ়ি গৈছে হোজাই জিলাৰ ধনীৰাম পথাৰৰ এগৰাকী প্ৰতিবন্ধী যুৱতী। জন্মৰ পিছৰে পৰা নিজৰ শৰীৰটোৱে ভালদৰে সমৰ্থন নকৰিলেও চিৰিণে শিক্ষাগ্ৰহণত হেলা কৰা নাছিল৷

দৰিদ্ৰ পৰিয়ালৰ এই গৰাকীযুৱতীৰ পঢ়াৰ প্ৰতি আছিল খুবেই আগ্ৰহ। আৰ্থিক দৈন্যতাৰ বাবে কিছু ক্ষেত্রত যুৱতীগৰাকী থমকি ৰ’ব লগা হৈছিল যদিও শাৰীৰিক ভাৱে অক্ষম এই গৰাকী যুৱতীয়ে আৰ্থিক দুৰৱস্থাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগবাঢ়ি গৈছিল নিজৰ শিক্ষা জীৱনত। আৰ্থিক অবস্থা দুৰ্বল হোৱা বাবে নিজৰ উৰ্পাজনেৰে শিক্ষা জীৱনৰ সোণোৱালী ধাৰা অব্যাহত ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৮০ শতাংশ নম্বৰ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে এই গৰাকী যুৱতী।

শাৰীৰিকভাৱে অক্ষম যদিও সকলো কামতেই পাৰ্গত যুৱতীগৰাকী। শাৰীৰিকভাৱে সক্ষম লোকে সাধাৰণতেই কৰিব নোৱাৰা কাম শাৰীৰিক ভাৱে অক্ষম লোকে যে সহজেই কৰিব তাৰ আন এক উদাহৰণ চিৰিণ। পিতৃ আৰু ভাতৃৰ সৈতে জীৱন যাপন কৰা এইগৰাকী যুৱতীয়ে পৰিয়ালটোৰ সহায়ত গা ধোৱা, পিন্ধা, খোজ কঢ়াকে আদি কৰি সকলো কাম কৰিব লগীয়া হয়।

শাৰীৰিক প্ৰতিবন্ধী কতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৮০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ কলকাতাৰ ভাৰতীয় বিজ্ঞান আৰু গৱেষণা কেন্দ্রত স্থান লাভ কৰিছে৷ যদিও আৰ্থিক অৱস্থাৰ বাবে শিক্ষা জীৱন আগবাঢ়ি যোৱাত বাধা আহি পৰিছিল৷ অৱশেষত চিৰিণৰ শিক্ষা জীৱনৰ দায়িত্ব গ্ৰহণ কৰিলে আজমল ফাউণ্ডেচনে৷ হোজাইৰ চিৰিণৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰিলে আজমল পৰিয়ালে৷ হোজাইৰ ধনীৰাম পথাৰৰ ছাত্ৰী চিৰিণে আজমল পৰিয়ালক ধন্যবাদ যাচে৷ মেধাৱী চিৰিণক অত্যাধুনিক হুইল চেয়াৰ প্ৰদান কৰাৰ ওপৰিও শিক্ষাৰ সকলো ব্যয় বহন কৰিব আজমল পৰিয়ালে৷