
newsnextone.com | ডিফুঃ দেওবাৰে পুনৰ ৰাজপথলৈ ওলাই আহিল কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ৷ কাৰ্বি পাহাৰত দিনে-নিশাই চলি থকা বিভিন্ন আঁচনিৰ নিৰ্মাণ কাৰ্য দেওবাৰে পুনৰ পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰংহাঙে বিভিন্ন আঁচনিৰ নিৰ্মাণ কাৰ্যস্থলিত উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।
যোৱা কেইবাটাও দিনৰ দৰে দেওবাৰে কাৰ্বি আংলঙৰ কেইবাটাও আঁচনিৰ নিৰ্মাণস্থলিত তুলিৰামে উপস্থিত হোৱাত দৌৰা-দৌৰি লাগে ঠিকাদাৰ-বিষয়াৰ৷ আবাস এৰি দৌৰ দিব লগা হয় নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত থকা ঠিকাদাৰ, বিভাগীয় বিষয়া-কৰ্মচাৰী। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ চলি থকা নিৰ্মাণ কাৰ্যৰ মানদণ্ড, অগ্ৰগতি দৃষ্টি ৰাখিছে বুলি জানিব পৰা যায় ।
ৰংহাঙে বিগত কাৰ্যকালৰ তুলনাত বৰ্তমানৰ কাৰ্যকালত সৰ্বাধিক-সর্বাংগীন উন্নয়ন সাধন কৰি পাহাৰীয়া জিলাখনক ৰাজ্যখনৰ ভিতৰত আগুৱাই নিয়াৰ লক্ষ্য স্থিৰ কৰা বুলি সভাই সমিতিয়ে কৈ আহিছে। ৰংহাঙে চলোৱা অভিযানে এতিয়া ঠিকাদাৰ, বিভাগীয় বিষয়াৰ গভীৰ নিদ্ৰাহৰণ কৰিছে৷
যাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ঠিকাদাৰ আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ মাজত৷ কেতিয়াবা যদি পূব কাৰ্বি আংলঙত আন কেতিয়াবা আকৌ পশ্চিম কাৰ্বি আংলঙত চাডেন ভিজিট কৰি চমক সৃষ্টি কৰি আহিছে ৰংহাঙে৷
২০১৭ বৰ্ষত তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিজেপিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শাসনভাৰ লোৱাৰ পিছৰ পৰাই কাৰ্বি পাহাৰৰ ৰূপায়ন হৈছে আঁচনি৷ পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে অহা প্ৰতিটো উন্নয়ন পুঁজীৰ টকাৰ সৎ ব্যৱহাৰ হোৱাটো কামনা কৰিছে বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়কৰ টীম কাৰ্বি আংলঙে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ইচ্ছা অনুসৰি কাৰ্বি আংলঙ জিলাক এক জাকত জিলিকা জিলা হিচাপে গঢ়িবলৈ তৎপৰ হৈ পৰা বুলি কয় পৰিষদৰ নেতৃত্বই৷ ইটোৰ পিছত সিটো আঁচনিৰ আধাৰ শিলা স্থাপনৰ লগতে জনস্বাস্থ্য, ক্ৰীড়া, পথ, চিকিৎসা, কাৰ্বি লোক-সংস্কৃতিৰ উন্নয়ন, ষ্ট্ৰীট লাইট স্থাপন কৰি নগৰ সমূহক সজাই তোলাৰ লগতে বৃহত্তৰ তাৰালাংচৰ বাকৰিত বিভিন্ন মঞ্চ, শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনী গৃহ, ন-থেংপী ভৱন নিৰ্মাণ আদিৰ লগতে বিভিন্ন দিশত কাম কৰি গৈছে৷
আনহাতে পাহাৰীয়া জিলাখনৰ সদৰ ডিফু চহৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ আৰু পৰিকল্পনা বিহীন ভাবে থকা ডিফু চহৰৰ যান-জোঁটৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে চহৰখনৰ বাট-পথৰ বহল কৰা, নলা নিৰ্মাণ, পদ পথত ৰেলিং নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে তুলিৰাম ৰংহাঙে৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ মতে, নিৰ্মাণ কাৰ্য বা যিকোনো উন্নয়ণমূলক কামৰ গুণগত মান উৎকৃষ্ট নহ'লে কোনো বিষয়া, ঠিকাদাৰ আৰু কৰ্মচাৰীৰ সৈতে আপোচ কৰা নহ'ব৷
সেয়েহে প্ৰতিদিনেই মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে পৰিষদৰ ইএম, এমএচি, প্ৰধান সচিব, সচিব আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীক লগতলৈ গভীৰ নিশা উপস্থিত হয় কামৰ স্থান পৰিদৰ্শন কৰে৷
মুখ্য কাৰ্যবাহী সদস্য জনৰ নিৰ্দেশ মৰ্মে এতিয়া দিনে নিশাই ডিফু চহৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে কামত নিয়োজিত হৈ আছে শ শ শ্ৰমিক৷ কোনো কাৰণতে নিৰ্মাণৰ কামত যাতে গাফিলতি কৰিব নোৱাৰে তাৰ বাবে বিষয়া-ঠিকাদাৰৰ কাম পৰীক্ষণ কৰি আহিছে৷ নিশা মুখ্য কাৰ্য্যবাহী গৰাকীৰ কনভয়ৰ ছাইৰেণ বাজি উঠিলেই কঁপি উঠে বিষয়া-ঠিকাদাৰৰ হৃদয়৷ লৰা-ঢপৰা লাগে সকলোৰে মাজত৷
দেওবাৰৰ বিশ্ৰাম আৰু প্ৰাৰ্থনাৰ দিনটোত পৰিষদৰ সতীৰ্থ ইএম অমৰচিং তিচ', ৰামচিং তিমুঙ, গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা পৱন তেৰাঙ, অতিৰিক্ত কাৰ্যবাহী অভিযন্তা ৰাজু তিমুঙ, জল সম্পদৰ কাৰ্যবাহী অভিযন্তা মি জি ক্ৰ, বন বিষয়া জগত নাথ ৰংপি, গড়কাপ্তানি বিভাগৰ অতিৰিক্ত কাৰ্যবাহী অভিযন্তা ৰাজু তিমুঙ আৰু গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মীক লগতলৈ দেওবাৰে পুৱা ডিফু চহৰত পথৰ জোখ-মাখ কৰাত লাগে তুলিয়ে৷ হাতত জোখ-মাখৰ ফিতা লৈ চহৰ খনৰ বিভিন্ন স্থানত ৰাস্তাৰ জোখ-মাখ কৰে৷
ইয়াৰ পিছত ডিফুৰ বিকেনাৰ হোটেলৰ চাহ মেলত বিষয়া-কৰ্মচাৰী আৰু ইএমএচি সকলৰ মাজত সভা অনুষ্ঠিত কৰে৷ সভাত দীৰ্ঘ আলোচনাৰ অন্তত চহৰখনত ১নং পুলিচ পইণ্টৰ পৰা গেলেক্সী চিনেমা হললৈকে ৰাস্তাৰে দুয়োকাষে অবৈধভাবে বেদখল এসপ্তাহৰ ভিতৰত উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷