হাতৰ তলুৱাত লৈ শব্দ লিৰিকি বিদাৰি চাব নাজানিলে সাহিত্য নিলিখাই ভালঃ ড০ ৰমেশ পাঠক

newsnextone.com | নগাঁওঃ সাহিত্য এক কলা। ই প্ৰচাৰৰ জয়ঢোল নহয়। সাহিত্যিক সকল সামাজিকভাবে দায়বদ্ধ হ’ব লাগিব। সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে সাহিত্যিকসকলৰ স্পষ্ট অভিমত থাকিব লাগিব। তেওঁলোকে বাৰ্তা বহন কৰিব লাগিব। এই মন্তব্য বিশিষ্ট গৱেষক, ভাষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ। দেওবাৰে নগাঁও লক্ষীনগৰস্থিত হোমিঅপেথিক চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত অখিল ভাৰতীয় সাহিত্য পৰিষদ-অসমৰ নগাঁও জিলা শাখাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আলোচনা চক্ৰ উদ্বোধন কৰি বিশিষ্ট গৱেষক, ভাষাবিদ ডা০ পাঠকে কয় যে হাতৰ তলুৱাত লৈ শব্দ লিৰিকি বিদাৰি চাব নাজানিলে সাহিত্য নিলিখাই ভাল। তেওঁ লগতে কয় যে আমি কোৱা কথাবোৰ কবিতা নহয় নোকোৱাখিনিহে প্ৰকৃত কবিতা। 

বিশিষ্ট গৱেষকগৰাকীয়ে অসমীয়া ভাষা তথা উপভাষা সমূহৰ সম্পৰ্কতো আলোকপাত কৰে। সাম্প্ৰতিক অসমীয়া সাহিত্য আৰু নবীন সাহিত্যিক শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহন কৰি 'দৈনিক অসম'ৰ সাংবাদিক চন্দনজ্যোতি বৰাই কয় যে সাম্প্ৰতিক অসমীয়া সাহিত্যৰ আত্মীয়তা অসমৰ চিন্তাধাৰাৰ সৈতে গভীৰ নহয়। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ মহৎ সাহিত্যৰ লগত অসমৰ বৰ্তমানৰ সাহিত্যই ফেৰ মাৰিব পৰা নাই যেন অনুভব হয়। অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমটো অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিব পৰাকৈ বিশেষ সমল নাই। ইংৰাজীৰ প্ৰতি নৱ প্ৰজন্মৰ আকৰ্ষনেও অসমীয়া-ভাষা সাহিত্যৰ ওপৰত বিৰূপ প্ৰভাব পেলাইছে। 

আলোচনা চক্ৰৰ আন এগৰাকী আলোচক 'আছাম টকচ'ৰ সাংবাদিক জ্যোতি প্ৰসাদ বৰাই কয় যে সাহিত্যই নতুন চিন্তাৰ বাট মুকলি কৰে। সাম্প্ৰতিক অসমীয়া সাহিত্যিকসকলে সমাজৰ সমস্যাৰ লগতে একেবাৰে খাটি খোৱা মানুহৰ জীৱনচৰ্যাক অকৃত্ৰিমভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে। সাংবাদিকগৰাকীয়ে সাম্প্ৰতিক অসমীয়া সাহিত্যৰ ইতিবাচক দিশৰ কথা উল্লেখ কৰি কিছু সংখ্যক নবীন লেখক-লেখিকাই সামাজিক বাতাবৰণৰ উপৰিও লোকসংস্কৃতিৰ সমল বুটলিবলৈ যত্ন কৰাৰ বিষয়ে অৱগত কৰে। আলোচনা চক্ৰখন সঞ্চালনা কৰি সহকাৰী অধ্যাপক ড০ বসন্ত বৰাই কয় যে সাহিত্যত চিৰন্তন ৰূপটোক আগবঢ়াই লৈ যাবলৈ নৱ প্ৰজন্মক বাট দেখুৱাব লাগিব অগ্ৰজসকলে। সাহিত্য মানে সস্তীয়া জনপ্ৰিয়তা নহয়। সাহিত্য মানে প্ৰচাৰ নহয়।

সাহিত্য চৰ্চাৰ বাবে লাগিব অধ্যয়নপুষ্ট মন আৰু জাতীয় সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাব। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ ৰাজ্যিক সভাপতি ধীৰেন শৰ্মাই লোক পিয়লত অসমীয়া ভাষী লোকৰ সংখ্যা কমি যোৱা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰে। বিশিষ্ট গল্পকাৰ তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ নগাঁও জিলা শাখাৰ সভাপতি ভদ্ৰেশ্বৰ ৰাজখোৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে। অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীয়েও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত পৰিষদৰ লক্ষ্য-উদ্দেশ্যেৰ বিষয়ে বাখ্যা কৰে ৰাজ্যিক সচিব কমল চলিহাই। 

অনুষ্ঠানটোত পৰিষদৰ ক্ষেত্ৰীয় সম্পাদক অমল দত্ত, জ্যেষ্ঠ সাংবাদিক-শিক্ষাবিদ ড০ আবু হানিফা, অধ্যাপক ড০ দিলীপ শৰ্মা, সদানন্দ পায়েং, চন্দ্ৰ শইকীয়া, সাংবাদিক ডেভিদ দাস, জয়ন্ত মুদৈ উপস্থিত থাকে। ইপিনে আলোচনা চক্ৰৰ পিচত অনুষ্ঠিত অনুষ্ঠানত শাখাৰ মাহেকীয়া বৈঠকত পঠিত উৎকৃষ্ট গল্প,কবিতা, প্ৰবন্ধ আৰু বিশেষ নিবন্ধৰ বাবে ক্ৰমে ডিম্বেশ্বৰ শইকীয়া, বিজন পাটৰ, যতীন্দ্ৰ কুমাৰ পাৰৈ আৰু কাৰুণ্য ভট্টাচাৰ্যক বঁটা প্ৰদান কৰা হয়। 

এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দধিমোহন বৰা আৰু ধৰ্মেশ্বৰী বৰাৰ দুখন গ্ৰন্থ ক্ৰমে 'অনুভূতিৰ দূবৰিত নিয়ৰৰ ফুল' আৰু 'মহৎলোকৰ অমৃত বাণী' উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাই। গীতাঞ্জলি দেৱীৰ বৰগীতেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত জাগৃতি কলিতাৰ নৃত্যই সকলোকে মুগ্ধ কৰে। ইপিনে বিয়লি অনুষ্ঠিত নৱ প্ৰজন্মৰ কবি সন্মিলনত পঠিত কবিতা সমূহৰ ওপৰত আলোচনা আগবঢ়াই 'প্ৰতিদিন টাইম'ৰ সাংবাদিক বীৰেন বৰাই। কবি সন্মিলনত দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানক জীপাল কৰি তোলে।