
newsnextone.com | গুৱাহাটীঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকাৰী সভাপতি মতিউৰ ৰহমানে অসমীয়া ভাষা কোৱা লোকৰ তথ্য সন্দৰ্ভত চৰকাৰে ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা চৰকাৰী তথ্য মতে অসমত ৪৮ শতাংশ লোকে অসমীয়া ভাষা কয় বুলি প্ৰকাশ হোৱা তথ্যক উভতি ধৰি চৰকাৰে প্ৰকাশ কৰা তথ্য সম্পূৰ্ণ অসত্য বুলি কয় অসম সন্মিলিত মহাসংঘৰ নেতাগৰাকীয়ে। তেওঁ কয় যে বৰ্তমান সময়ত অসমত অসমীয়া ভাষীৰ সংখ্যা মাত্ৰ ১৫-৩০ শতাংশহে। চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ ৰাইজৰ অগত ভুল তথ্য দাখিল কৰা বুলি অভিযোগ উত্থাপন কৰে।
উল্লখ্য যে, অসম সন্মিলত মহাসংঘই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ তৰে। কিন্তু উচ্চতম ন্যায়ালয়ত চলি থকা ৪টা গোচৰ ৩ বছৰ ৬ মাহ ধৰি সাংবিধানিক বিচাৰপীঠত পৰি ৰৈছে বুলি অভিযোগ উত্থাপন কৰে। মহাসংঘই যোৱা ৫ ফেব্ৰুৱাৰীত দাখিল কৰা ১১৪৭০৮ নং হস্তক্ষেপ অবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই শীঘ্ৰে সাংবিধানিক বিচাৰপীঠ গঠন কৰিব বুলি ৰায় দিছিল।
কিন্তু আজি ২ মাহ ধৰি বিচাৰপীঠ গঠন নোহোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি মহাসংঘৰ নেতাগৰাকীয়ে কয় যে ন্যায়ালয়ৰ প্ৰতি খিলঞ্জীয়া জনগণৰ মোহ ভংগ হোৱাৰ উপক্ৰম হৈছে। ন্যায় ব্যৱস্থাত ৰাজনৈতিক হস্তক্ষেপ হোৱাৰ বাবেই সাংবিধানিক বিচাৰপীঠ গঠন তথা শুনানি হোৱা নাই বুলি সন্দেহ ব্যক্ত কৰি এয়া দেশৰ বাবে অশুভ ইংগিত বুলি কয়।
এনআৰচি সন্দৰ্ভত মত ব্যক্ত কৰি মতিউৰ ৰহমানে কয় যে সাংবিধানিক বিচাৰপীঠে এনআৰচিৰ ভিত্তি বৰ্ষ চূড়ান্ত নকৰাকৈ ১৯৭১ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ দিয়া নিৰ্দেশৰ ফলত ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ পূব পাকিস্তানৰ পৰা অহা ৭০ লাখ বঙালী ভাষী হিন্দু-মুছলমান লোকৰ নাম অন্তৰ্ভুক্ত হৈ অবৈধ বিদেশী স্বদেশী হৈ পৰিব। খচৰা প্ৰকাশ পোৱাৰ পিছত এই লোকসকলে অসমত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিব বুলি সন্দেহ ব্যক্ত কৰে।