পুত্ৰ-বোৱাৰী শিক্ষক-শিক্ষয়িত্ৰী, খবৰ নলয় বৃদ্ধ পিতৃ-মাতৃৰ, শোণিতপুৰৰ তৰু-ৰুলিয়ে তৰিলে গোচৰ

newsnextone.com | তেজপুৰঃ দেৱতা তুল্য পিতৃ-মাতৃক উৰুখা পজাত এৰি থৈ পুত্ৰই পত্নীৰ সৈতে ৰাজ আট্টালিকা সদৃশ গৃহত বাস কৰে৷ উচ্চ শিক্ষাৰে শিক্ষিত ঘৰখনৰ পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি প্ৰতিদিনে চকুলো টুকি দিন পাৰ কৰে তেওঁলোকে৷ এসময়ত তেওঁলোকে ভাবিছিল আমি বৃদ্ধ আশ্ৰমত থাকিম৷ কিন্তু পৃথিৱীৰ নানান যন্ত্ৰণা সহি গৈছিল আৰু ভাবিছিল পুত্ৰ বোৱাৰীয়ে এদিন আকোৱালি ল’ব৷ 

এদিন পুত্ৰ আৰু বোৱাৰীয়ে আকোৱালি লব বুলি বাট চাই থাকোতেই সময়বোৰ পাৰ হৈ গৈ থাকিল৷ কিন্তু পৰিস্থিতি সলনি নহ’ল আৰু পুত্ৰ বোৱাৰীয়ে অকথ্য যন্ত্ৰণা দিয়াৰ বাহিৰে তেওঁলোকক চোৱা-চিতা কৰিবলে আগবাঢ়ি নাহিল৷ শেষ মুহূৰ্তত দেৱতা তুল্য পিতৃ-মাতৃয়ে ওচৰ চাপিল ন্যায়ালয়ৰ৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰা, এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰা বৃদ্ধ পিতৃ-মাতৃয়ে আদালতত তেওঁলোকক ন্যায় প্ৰদানৰ বাবে আবেদন জনায়৷ 

নিজে হাতেৰে গঢ়া সপোনৰ ঘৰখনত পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ বলি হৈ আদালতৰ কাষ চাপিলে শোণিতপুৰৰ এহাল বৃদ্ধ দম্পতিয়ে৷ শোণিতপুৰ জিলাৰ গেৰেকীচুকৰ বয়সে গৰকা তৰুণ বৰা আৰু ৰুলি বৰাই সোমবাৰে তেজপুৰত উপস্থিত হৈ তেওজপুৰ আদালতত পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে এখন আবেদন জনাই ন্যায় বিচাৰে৷ 

শোণিতপুৰ জিলাৰ গেৰেকী চুকৰ দম্পতি হালৰ পুত্ৰ-বোৱাৰী হৈছে মানৱ সম্পদ গঢ়াৰ খনিকৰ অৰ্থাৎ শিক্ষক-শিক্ষয়িত্ৰী৷ পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে পিতৃ-মাতৃয়ে উৰুখা পজাঁত ৰাখি নিজে বিলাসী জীৱন যাপন কৰা অহা বুলি অভিযোগ উত্থাপন কৰে৷

জানিব পৰা মতে, শোণিতপুৰ জিলাৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অসীম বৰা নিজ পিতৃ তৰুণ বৰা আৰু মাতৃ ৰুলি বৰাক অকলে এটি পজাত এৰি থৈ বেলেগকৈ থাকিবলৈ ধৰে৷ সময়ে সময়ে পিতৃ-মাতৃৰ ওচৰলৈ আহি নিৰ্যাতল চলোৱাৰো অভিযোগ উত্থাপন হয়৷ চাকৰি লাভ কৰাৰ কালৰ পৰা পিতৃ-মাতৃক চোৱা-চিতা নকৰাৰ অভিযোগ উত্থাপন হয়৷ 

অসীম বৰাৰ পত্নী জয়শ্ৰী দাসও এগৰাকী শিক্ষয়ত্ৰী৷ জয়শ্ৰী দাসৰ বৃদ্ধ পিতৃ ভৰকান্ত শইকীয়াকো গেৰেকীচুকৰ এটা পৰিত্যক্ত ঘৰত অকলশৰে অৱহেলিত ভাৱে ৰাখি বিলাসী জীৱন যাপন কৰি আহিছে বুলি অভিযোগ উত্থাপন হয়৷