
newsnextone.com | নগাঁওঃ নগাঁও জিলাত পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় সমূহত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই জিলাখনত পঞ্চায়তত কেৱল লুণ্ঠনৰাজহে চলি আহিছে বুলি অভিযোগ উত্থাপন হয়। দুৰ্নীতিৰ তদন্ত নোহোৱাৰ অভিযোগ উত্থাপন হৈ আহাৰ মাজতে নগাঁও জিলাৰ এগৰাকী তথ্য জনাৰ অধিকাৰ আইনৰ আবেদনকাৰীক চৰকাৰী আঁচনি ৰূপায়নৰ তথ্য যোৱা এবছৰে নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
নগাঁও জিলাত তথ্য জনাৰ অধিকাৰ আইনক একপ্ৰকাৰ ভেঁকোভাওনাত পৰিণত কৰি ৰূপায়িত আঁচনিৰ সন্দৰ্ভত তথ্য বিচাৰি এজন সচেতন যুৱকক আবেদন কৰে যদিও তথ্য প্ৰদান কৰা নাই৷ এবছৰ উকলি যোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে কোনো তথ্য যোগান নধৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে৷
প্ৰাপ্ত খবৰ মতে, জিলাখনৰ বটদ্ৰৱা উন্নয়ণ খণ্ডৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ হাইডুবি গাঁও নিবাসী জাকিৰ হুছেইন নামৰ যুৱকজনে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিগত বৰ্ষৰ ৫ জুনত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত ৰূপায়িত আঁচনিত পঞ্চায়তটোৰ জালাল উদ্দিন হাজৰিকা আৰু মমতাজ বেগম (দুয়োৰে জৱকাৰ্ডৰ নম্বৰ ক্ৰমে ২৯৩২ আৰু ২৯৩৩) নামৰ জবকাৰ্ডধাৰী শ্ৰমিক দুজনে কিমান দিনৰ কাম কৰিছে আৰু কামৰ বিনিময়ত কিমান টকা লাভ কৰিছিল তাৰ হিচাপৰ লগতে কাম কৰি থকা অৱস্থাৰ ফটো কপি বিচাৰিছিল৷
পঞ্চায়তটোত বিগত ২০১৫-১৬ বৰ্ষত এম জি এনৰেগাৰ অধীনত হাইডুবীৰ আব্দুল আহাদৰ ঘৰৰ পৰা ইয়াৰ আলী সৰকাৰৰ ঘৰলৈকে যোৱা পথটোত আৱণ্টিত ধনৰ পৰিমানৰ লগতে মাটি আৰু চেণ্ড গ্ৰেভেলৰ নামত কিমান কিমান টকা ব্যয় কৰা হৈছিল তাৰ তথ্য বিচাৰি বটদ্ৰৱা উন্নয়ণ খণ্ড কাৰ্যালত আবেদন দাখিল কৰিছিল৷ নিয়ম অনুসৰি যুৱকজনক ৩০ দিনৰ ভিতৰত বিচৰা তথ্য বিভাগে যোগান ধৰিব লাগিছিল৷
কিন্তু তথ্য জনাৰ আইনক সম্পূৰ্ণৰূপে উপলুঙা কৰি বটদ্ৰৱা উন্নয়ণ খণ্ড কাৰ্যালয়ে আবেদন দাখিলৰ এবছৰ অতিক্ৰম কৰাৰ পিছতো কোনো তথ্য যোগান ধৰা নাই৷ আনকি যুৱকজনক বিগত সময়ছোৱাত কাৰ্যালয়টোৰ বিষয়াই আজি দিম কালি দিম বুলি কৈ মিথ্যাচাৰৰ আশ্ৰয়হে লৈ আহিছে৷ কাজেই, তথ্য জনাৰ অধিকাৰ আইনক প্ৰহসনত পৰিণত কৰি তোলা এই ঘটনাই এতিয়া নগঞা সচেতন মহলৰ মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷