মুখ্যমন্ত্ৰীৰ ৩০ ঘণ্টাক নকৰিলে কেৰেপ, ১৩০ ঘণ্টা পাৰ হোৱাৰ পিছতোঁ গাঁত গাঁতে হৈ থাকিল

newsnextone.com | চাবুৱাঃ যোৱা ৪ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ জিলা ভ্ৰমণ কৰি পথৰ ৰাজপথত কনভয় ৰখাই কদৰ্য ময় ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰত্যক্ষ কৰিছিল৷ যোৱা ৪ জুলাইত মুখ্যমন্ত্ৰীয়ে চমক সৃষ্টি কৰি ক্ষোভেৰে ৩০ ঘণ্টাৰ ভিতৰত ঘাইপথ মেৰামতি কৰিবলৈ কাঢ়া নিৰ্দেশ দিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশক ভ্ৰুক্ষেপ নকৰিলে এন এইচ অাই ডি চি এল কৰ্তৃপক্ষই৷ ৩০ ঘণ্টাই নহয় এতিয়া ১৩০ ঘণ্টা পাৰ হৈ গ’ল তথাপিও ঘাইপথৰ পুখুৰী সদৃশ গাতৰ অৱস্থা একেই হৈ থাকিল৷ 

আনহে নালাগে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ জিলাৰ অংশত মঙলবাৰৰ পুৱালৈকে গাঁত সমূহত শিল-বালি পৰা নাই৷ ৰাইজে পূৰ্বৰ দৰেই গাঁত সমূহৰ ওপৰেৰে যমৰ-যাতনা ভোগ কৰি আহ-যাহ কৰি আহিছে৷ শ-শ গাড়ীয়ে নিতৌ তেনেদৰেই পাৰ হ’ব লগা হৈছে৷ ৰাইজে মুখ্যমন্ত্ৰীৰ কথাক গুৰুত্ব নিদিয়াৰ বুলি কয়৷ যদি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কথা নুশুনে তেন্তে সাধাৰণ লোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যদিও গুৰুত্ব প্ৰদান কিয় কৰিব বুলি ৰাইজে কব খোজে৷

ৰাজ্য বিভিন্ন প্ৰান্তৰ ঘাইপথ, আন আন জৰাজীৰ্ণ পথ সমূহৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ 

জৰাজীৰ্ণ ঘাই পথ, উপ-পথ সমূহৰ কদৰ্য অৱস্থাৰ বাবে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত প্ৰতিবাদ কৰিছিল৷ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে যোৱা ৪ জুলাইত গৃহ জিলাত ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। 

গৃহ জিলাত উপস্থিত হোৱাৰ পিছতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীয়ে কনভয় ৰখাই পথৰ অৱস্থা প্ৰত্যক্ষ কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে৷ চাউলখোৱা ৰেল ষ্টেচন অাৰু নালিয়াপুল বজাৰত কনভয় ৰখাই সেই সময়ত পথৰ দাতিৰ সাধাৰণ লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে বিজেপিৰ জনসম্পৰ্ক অভিযানৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে৷ ডিব্ৰুগড়ত পথৰ দাতিত বহা সাধাৰণ দৰিদ্ৰ মুছিৰ সৈতে কথা বতৰাপাতি চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নালিয়াপুল বজাৰৰ সমীপত উপস্থিত হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে যান বাহন চলাচলত অসুবিধা হোৱাৰ বিষয়টো নিৰীক্ষণ কৰে৷ লগে লগে মুখ্যমন্ত্রীগৰাকীয়ে পথচোৱাৰ দায়িত্বত থকা এন এইচ অাই ডি চি এল কৰ্তৃপক্ষক ৩০ ঘণ্টাৰ ভিতৰত নালিয়াপুল, চাউলখোৱা, চাবুৱা অাদি এলেকাৰ গাঁতসমূহ মেৰামতিৰ ব্যৱস্থা কৰি পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ নিৰ্দেশ দিছিল৷

মুখ্যমন্ত্ৰীয়ে ৩০ ঘণ্টাৰ ভিতৰত জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নিৰ্দেশ দিছে যদিও এনএইচ কৰ্তৃপক্ষই কিমান গুৰুত্ব সহকাৰে নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷