
প্ৰতীকি ফটো
newsnextone.com | মৰিয়নীঃ যোৰহাট জিলাৰ তিতাবৰৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অঘটন সংঘটিত হয়৷ জানিব পৰা মতে, তৃতীয় অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এগৰাকী কনিষ্টবলে আত্মহত্যা কৰে।
নিজ ছাৰ্ভিছ ৰিভলভাৰেৰে গুলিয়াই আত্মহত্যা কৰে মণিৰাম দুৱাৰা নামৰ এজন কনিষ্টবলে। ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় তৃতীয় অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত৷ ইতিমধ্যে মৃতদেহ উদ্ধাৰৰ লগতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷