
newsnextone.com | ৰঙিয়াঃ ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ পৰিনত হৈছে ৰাজ্যৰ অন্যতম বানিজ্য চহৰ ৰঙিয়া৷ মানৱ সৰবৰাহৰ পৰা, চোৰ, ডকাইটি, অসৎ ব্যৱসায়লৈ বহু ঘটনাই সংঘটিত হৈ থাকে ৰঙিয়াত৷ যাৰ ফলত ৰঙিয়া প্ৰশাসন এতিয়া অনৱৰতে সষ্টম হৈ থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷
বিশেষকৈ ৰঙিয়া জংচনত সংঘটিত হয় অপৰাধ, কূটাঘাত৷ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰে’ল জংচন ৰঙিয়াই ৰাজ্যৰ উজনি নামনিৰ লগতে বহিঃৰাজ্যৰ লগতো ৰাজ্যখনক সংযুক্ত কৰিছে৷ যাৰ ফলত অবৈধ ব্যৱসায়, মাদক দ্ৰব্যৰ পৰা নাৰী সৰবৰাহলৈকে বিভিন্ন অপৰাধমূলক কাৰ্য এই ৰঙিয়া জংচনতে সম্পন্ন হয়৷
বুধবাৰে ৰঙিয়া ৰেল আৰক্ষীয়ে অভিযান চলাই বিদেশী চিগাৰেট সহ দুই মণিপুৰী যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বুধবাৰে পুৱা সূত্ৰৰ পম খেদি অভিযান চলাওতে মণিপুৰৰ যুৱক-যুৱতীহালক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, লক্ষাধিক টকা মূল্যৰ প্ৰায় ৩০০০ পেকেট বিদেশী চিগাৰেট সহ মণিপুৰৰ যুৱক-যুৱতীহালে মণিপুৰৰ পৰা গোৱালৈ যাত্ৰা কৰিছিল৷ আৰক্ষীয়ে এই বিষয়ে জানিব পাৰি অভিযান চলাওতে দুয়ো যুৱক-যুৱতী আৰক্ষীৰ জালত পৰে৷
ৰেলৱে আৰক্ষীয়ে যুৱক-যুৱতীহালৰ পৰা অবৈধ চিগাৰেটৰ পেকেট সমূহৰ উপৰিও আধাৰ কাৰ্ড, মোবাইল সহ বহু সা-সামগ্ৰী জব্দ কৰে৷ ধৃত যুৱক-যুৱতীহালৰ পৰা এই সন্দৰ্ভত তথ্য উলিয়াবলৈ সোধ-পোছ অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷