
newsnextone.com | নামতিঃ ‘পৰিৱৰ্তন’ মাথো এক মিছা শ্ল’গান হৈ ৰব নেকি? অসমৰ সৰ্বপ্ৰকাৰৰ ৰাইজে বিচৰা ‘পৰিৱৰ্তন’ এক সমালোচনা কৰাৰ শব্দহে হৈ থাকিল নেকি৷ কেৱল পৰিৱৰ্তন শব্দৰে ২০১৬ চনত সকলো সলনি কৰি কংগ্ৰেছক ধৰাশয়ী কৰিছিল অগপ, বিজেপি আৰু বিপিএফে৷ সকলো দিশত পৰিৱৰ্তন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ ফলতে অগপ, বিজেপি আৰু বিপিএফে লাভ কৰিছিল বৃহৎ সফলতা৷
ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, কৃষি খণ্ড, জাতিৰ সুৰক্ষা, বিদেশী বহিস্কাৰ আদি কৰাৰ প্ৰতিশ্ৰুতি দি অগপ, বিজেপি আৰু বিপিএফে দিছপুৰত চৰকাৰ গঠন কৰাৰ ২৬টা মাহ পাৰ হ’ল যদিও পৰিৱৰ্তন আজিলৈ সম্ভৱ হোৱা নাই৷ পৰিৱৰ্তনৰ নামত কেৱল চমক সৃষ্টি কৰা হয়৷ মুঠৰ ওপৰত অসমৰ গ্ৰাম্য এলেকাৰ লোকে পৰিৱৰ্তনৰ মুখ আজিলৈ দেখা নাই৷ আজিও এজাক বৰষুণতে মানুহে হাতত চেণ্ডেল হৈ খোজকাঢ়িব লগা হয়৷ ইমানে নহয় গ্ৰাম্য এলেকাৰ বহু চৰকাৰী অনুষ্ঠান যোৱা ২টা বছৰত ধ্বংস হোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে৷
তেনেই এক শেহতীয়া উদাহৰণ হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত নামতি ৰেল ষ্টেচনৰ সমীপৰ গড়কাপ্তনী বিভাগৰ পৰিদর্শন বংলাটো৷ জংঘলে আৱৰি থকা টিনপাত খহি পৰি, জহি খহি যাবলৈ ধৰা গড়কাপ্তানী বিভাগৰ পৰিদর্শন বঙলাত এতিয়া মানুহ নহয় গৰু-ছাগলীহে থাকে৷ একালত পৰিদৰ্শন বঙলাত ভিআইপি লোকৰ গাড়ীৰে ভৰি আছিল৷ উচ্চ পদস্থ বিষয়াই প্ৰায়ে আহি থিতাপি লৈছিল৷ স্থানীয়ে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে সভা-সমিতিও অনুষ্ঠিত কৰিছিল৷
ঐতিহ্যমণ্ডিত নামতি অঞ্চলৰ পৰিদর্শন ভৱনটো সুদীৰ্ঘ কেইবাবছৰ ধৰি মেৰামতি নকৰাত হাবি-জংঘল গৃহসমূহ আৱৰি ধৰিছে৷ একপ্ৰকাৰ এতিয়া এৰাবাৰীত পৰিণত হৈছে পৰিদৰ্শন বঙলাটো৷ ঐতিহ্যবহনকাৰী পৰিদর্শন ভৱনটো একালৰ কমৰেড খগেন বৰবৰুৱা, বিমলা প্ৰসাদ চলিহাই বিভিন্ন সভা-সমিতি আয়োজন কৰিছিল। আনকি নামতিত সাংস্কৃতিক কাৰ্যসূচীত অংশ লবলৈ আহিলে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাও পৰিদর্শন বংলাত থিতাপি লৈছিল৷
ঐতিহ্যবহনকাৰী গড়কাপ্তানী বিভাগৰ পৰিদর্শন বংলাটো সুৰক্ষাৰ নামত চকীদাৰ-কৰ্মচাৰীও আছিল। এৰাবাৰীত পৰিণত হোৱা পৰিদৰ্শন বঙলাটো পুনৰ মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজে৷ স্থানীয় ৰাইজ তথা নামতি আঞ্চলিক ছাত্ৰ সন্থাই আমগুৰিৰ সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ চূড়ান্ত হেমাহিৰ আৰু গুৰুত্ব নিদিয়াৰ বাবেই পৰিদর্শন হংলাটো ভূত বংলাত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰে। সংগঠনটোৱে পৰিৱৰ্তন কামী চৰকাৰক পৰিদর্শন ভৱনটো পুনৰ মেৰামতি কৰি নামতিৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ দাবী জনায়।