
newsnextone.com | খেৰণিঃ অখিল অসম ভোজপুৰী পৰিষদৰ ৰাজ্যিক সভাপতি পৰশুৰাম ডুবেক বুধবাৰে খেৰণিবাসীয়ে স্মৰণ কৰে৷ ১২ দন পূৰ্বে আকস্মিক মৃত্যুক আকোৱালি লৈছিল জনপ্ৰিয় ভোজপুৰী নেতাগৰাকীয়ে৷
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি আংলং হিন্দীভাষী ব্ৰাহ্মণ সমাজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নেতাগৰাকীক। ব্ৰাহ্মণ সমাজে প্ৰয়াত পৰশুৰাম ডুবেৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গকো সমবেদনা জ্ঞাপন কৰে। ব্ৰাহ্মণ সমাজৰ কাৰ্বি আংলং জিলাৰ সভাপতি মহাবীৰ তিৱাৰীয়ে প্ৰয়াত পৰশুৰাম ডুবেৰ কৰ্মজীৱন সম্পৰ্কে আলোকপাত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।