
newsnextone.com | ওদালগুৰি/হৰিশিঙাঃ ৰাজ্যত আজিও অব্যাহত আছে নাৰী সৰবৰাহ৷ এইবাৰ ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ঢিপাবস্তিত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলাই দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে অভিযান কালত তিনিগৰাকী অৰুণাচলী যুৱকসহ অসমৰ এগৰাকী লোকক লৈ চাৰিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষী আৰু ভাৰত-ভূটান সীমান্তৰ লালপুলস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ ২৩ নং বেটেলিয়ানে চলোৱা অভিযানত হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত নিমগাঁৱৰ নিবাসী সুনিৰাম চৰেণ, অৰুণাচলৰ খালাকটাং বোহাবস্তিৰ নাবছাং দৰ্জী, থুপটেন দৰ্জী, পেম টেছৰিঙক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷
জানিব পাৰ মতে, মাথো তিনি হাজাৰ টকাৰ বিনিময়ত হৰিশিঙাৰ নিমগাঁৱৰ নিবাসী সুনিৰাম চৰেণে সমীপৰ ঢিপাবস্তি গাঁৱৰ দুটা দৰিদ্ৰ পৰিয়ালৰ দুগৰাকী কিশোৰীক অৰুণাচলৰ খালাকটাং বোহাবস্তিৰ যুৱক নাবছাং দৰ্জী, থুপটেন দৰ্জী, পেম টেছৰিঙৰ হাতত তুলি দিছিল৷
সুনিৰাম চৰেণে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ খালাকটাঙত দিন হাজিৰা কামত নিয়োজিত হৈ আছিল। ইয়াৰ পাছত সুনিৰামে কিছুদিন পূৰ্বে তিনিজন অৰুণাচলৰ যুৱকক ওদালগুৰি জিলাৰ নিমগাঁৱৰ ঘৰলৈ আহে।
সমীপৱৰ্তী ঢিপাবস্তিৰ দুটি দৰিদ্ৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ১৩-১৪ বছৰীয়া দুই কন্যাক তিনিহাজাৰ টকাৰ কামৰ বিনিময়ত অৰুণাচললৈ নিয়াৰ প্ৰস্তাৱ দিয়ে। অশিক্ষিত দুয়োজন পিতৃয়ে ধনৰ লোভত নিজ কন্যাক সুনিৰামৰ সৈতে অৰুণাচললৈ পঠিয়াবলৈ মান্তিও হয়।
এই সন্দৰ্ভত গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ দলে অভিযান চলাই দুই ৰিশোৰীক উদ্ধাৰ কৰাৰ লগতে সুনিৰাম চৰেণসহ তিনিজন অৰুণাচলৰ খালাকটাং বোহাবস্তিৰ যুৱকক জালত পেলাই। হৰিশিঙা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে। আটকাধীন লোককেইজন নাৰী সৰবৰাহকাৰীৰ পৰা অধিক তথ্য উদ্ধাৰ কৰা হ’ব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে। আটকাধীন যুৱক তিনিজনৰ ভাষ্যৰ পৰা পোহৰলৈ আহিছে যে অৰুণাচলত ইতিমধ্যে অসমৰ আৰু অধিক যুৱতী অবৈধভাৱে নিয়োজিত হৈ আছে। জিলাখনৰ বিভিন্ন প্ৰান্তত যে এতিয়াও নাৰী সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে আজিৰ ঘটনাই তাকে প্ৰমাণ কৰে।