
newsnextone.com | মৰিয়নীঃ ৰাজ্যত কেইবাটাও অমানৱীয় কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকাৰ খবৰ পোৱা গৈছে৷ বোৱাৰীগৰাকী যোৰহাটৰ গৌৰিসাগৰ খনামুখৰ পৰা যোৱা ৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে৷
যোৱা 8 জুলাইত খনামুখৰ মাকৰ ঘৰৰ পৰা মুনমী মহন্ত নামৰ মহিলাগৰাকীয়ে যোৰহাটৰ স্বামীৰ ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয়৷ কোনো লোকে সম্ভেদ লাভ কৰিলে 9859356165, 80115 13495, 98548 22406 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আহ্বান জনায়৷
পৰিয়ালে গৌৰিসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷