ছাত্ৰী ৰাধা-লালীমাইৰ হত্যাকাৰী বিকাশৰ সংগী বিপিন কুমাৰ পাণ্ডেক গ্ৰেপ্তাৰ

newsnextone.com | মৰিয়নীঃ উজনিত ৰেলৰ দুই মহিলা-যুৱতীৰ হত্যাকাণ্ডৰ অভিযুক্তক ইতিমধ্যে অসম আৰক্ষী আৰু ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ এই হত্যাকাণ্ডৰ সৈতে জৰিত থকাৰ অপৰাধত বৃহস্পতিবাৰে বিকাশ দাস নামৰ এজন তিনিচুকীয়া ষ্টেচনৰ দোকানীক আটক কৰাৰ পিছতে সমস্ত তথ্য পোহৰলৈ আনিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ বিকাশৰ ভাষ্যৰ গইনা লৈ হত্যাকাণ্ডৰ আন এগৰাকী অভিযুক্ত বিপিন কুমাৰ পাণ্ডেক ডিব্ৰুগড় আৰক্ষীয়ে বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে৷ 

১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এই হত্যাকাণ্ডৰ সৈতে জৰিত দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ 

এই হত্যাকাণ্ডৰ সৈতে জৰিত থকাৰ অপৰাধত বিকাশ দাস নামৰ এজন ষ্টেচনৰ দোকানীক বৃহস্পতিবাৰে আটক কৰে আৰক্ষীয়ে৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত দোকানী বিকাশে দুয়োগৰাকী মহিলাক হত্যাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা যায়৷ আৰক্ষীৰ মাৰাধান জেৰাত বিকাশ দাসে শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰী আৰু মৰিয়নী জংচনত অবধ আসাম এক্সপ্ৰেছত উদ্ধাৰ হোৱা লালীমাই দেৱীক হত্যা কৰা বুলি স্বীকাৰ কৰে৷  

এই হত্যাকাণ্ড বিকাশে অকলে কৰা নাছিল বুলি কৈ আন এগৰাকী সংগী আছিল বুলি স্বীকাৰ কৰিছিল৷ সেই মতেই ডিব্ৰুগড় আৰক্ষীয়ে বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত  অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিপিন কুমাৰ পাণ্ডে নামৰ লোকজনক। সম্প্ৰতি ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে বিপিন কুমাৰ পাণ্ডেক আৰু সোধ-পোছ অব্যাহত ৰাখিছে৷

জানিব পৰা মতে, মূল অভিযুক্ত বিকাশ দাসে তিনিচুকীয়া ষ্টেচনত পান দোকান দিয়াৰ লগতে ৰেলত বিভিন্ন সামগ্ৰী বিক্ৰী কৰে বুলি জানিব পৰা যায়৷ ৰে’ল সুৰক্ষা কৰ্মীৰ তিনিচুকীয়াই সংমণ্ডলে গ্ৰেপ্তাৰ কৰিছিল বিকাশক৷ বিকাশ দাসক শিৱসাগৰ আৰক্ষীক গতাই দিয়ে তিনিচুকীয়ে ৰে’ল আৰক্ষীয়ে। বিকাশৰ ঘৰ তিনিচুকীয়াৰ গুইজানত। ডিব্ৰুগড়ৰ চৌকিডিঙীৰ ভাড়াঘৰত আছিল বিকাশ৷

বিকাশক তিনিচুকীয়াৰ পৰা অসম আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছিল বৃহস্পতিবাৰে৷ দুদিনত চলন্ত ৰে’লত যুৱতী-মহিলাক হত্যাৰ ঘটনা সন্দৰ্ভত চিচিটিভিৰ ফুটেজৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

প্ৰায় ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হোৱাত ৰেল প্ৰশাসন আৰু অসমৰ প্ৰশাসন সষ্টম হৈ পৰে৷

আনহাতে ৰাজ্যৰ প্ৰশাসনে পশ্চিম বংগৰ প্ৰসিদ্ধ স্কেচ শিল্পী দেৱাশিষ বেনাৰ্জীক অসমলৈ মাতি আনি স্কেচ অংকন কৰে৷ বৃহস্পতিবাৰে পুৱাই শিৱসাগৰত উপস্থিত হয় দেৱাশিষ বেনাৰ্জী। যোৰহাট বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ ঘৰত পৰিয়ালৰ সদস্যৰ সন্মুখত হত্যাকাৰীৰ স্কেচ অংকন কৰে৷ ছাত্ৰী ৰাধা কুমাৰীৰ মাতৃ তাৰা দেৱীয়ে দিয়া বৰ্ণনাক ভিত্তি কৰি পশ্চিম বংগৰ প্ৰসিদ্ধ স্কেচ শিল্পী দেৱাশিষ বেনাৰ্জী অংকন কৰে সন্দেহজনক হত্যাকাৰীৰ ছবি।