ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইক শীঘ্ৰে পদত্যাগ কৰাৰ দাবী যুৱ কংগ্ৰেছৰ

newsnextone.com | দুলীয়াজানঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত পুনৰ লালীমাই নামৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ 

তাৰ মাজতে যুৱ কংগ্ৰেছে ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ পদত্যাগ দাবী কৰিছে৷ দুলীয়াজান পুৰণি বাছ আস্থানত ৰেল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ পদত্যাগৰ দাবী উত্থাপন কৰি বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে৷ অসমৰ পৰা ৰেল ৰাজ্যমন্ত্ৰী থকাৰ পিছতোঁ ৰেল যাত্ৰীক সুৰক্ষা দিয়াত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি যুৱ কংগ্ৰেছে বন্তি প্ৰজ্বলন কৰে৷

দুলীয়াজান যুৱ কংগ্ৰেছৰ সভাপতি মনোজ ভৰালীয়ে কেন্দ্ৰীয় চৰকাৰে ৰেল যাত্ৰীক সুৰক্ষিত কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক শীঘ্ৰে পদত্যাগৰ দাবী জনায়৷

ৰাধা কুমাৰী আৰু লালীমাই দেৱীৰ আত্মাৰ সদ্গতি কামনা কৰে যুৱ কংগ্ৰেছে৷