
newsnextone.com | নামতিঃ পিতৃ-মাতৃ মানেই মমতা৷ পিতৃ-মাতৃ মানেই নিৰাপত্তা৷ পিতৃ-মাতৃ মানেই সন্তানৰ অস্তিত্ব, আশ্ৰয়, এবুকু ভালপোৱা৷ সন্তানৰ বাবে পিতৃ-মাতৃ পৃথিৱাৰ সকলোতকৈ আপোন, সকলোতকৈ প্ৰিয়৷ পিতৃ-মাতৃৰ ভালপোৱাক আজীৱন স্মৰণ কৰে মানুহে৷ পিতৃ-মাতৃক শ্ৰদ্ধা জনাই যদিও মৰম ভালপোৱাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ পিতৃ-মাতৃয়ে দিয়া মৰমৰ অৱদান মানুহে কেতিয়াও দিব নোৱাৰে৷
জন্মৰ পৰাই আমাৰ শুশ্ৰুষা কৰে পিতৃ-মাতৃয়ে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে৷ পিতৃ-মাতৃ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত পিতৃ-মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ মাতৃয়ে নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷ কিন্তু পিতৃ-মাতৃয়ে লালন পালন কৰি ডাঙৰ-দীঘল কৰা সন্তানে পিছত পিতৃ-মাতৃক লালন পালন কৰিব নোখোজে৷ বৰ্তমান সমাজত তেনেই এক পৰম্পৰা গা কৰি উঠিছে সমাজত৷ শেহতীয়াকৈ অসমত তেনেই কেইবাটাও ঘটনা সংঘটিত হৈছে৷ যাৰ বাবে চিন্তিত হৈ পৰিছে সমাজৰ একাংশ পিতৃ-মাতৃ৷
তেনেই এটা বৃদ্ধ দম্পতিয়ে প্ৰতিদিনে হাহাকাৰ কৰি দিন পাৰ কৰিছে শিৱসাগৰ জিলাৰ নামতিত৷ দেৱতা তুল্য পিতৃ-মাতৃক উৰুখা পজাত এৰি থৈ পুত্ৰই পত্নীৰ সৈতে ৰাজ আট্টালিকা সদৃশ গৃহত বাস কৰে৷ উচ্চ শিক্ষাৰে শিক্ষিত পুত্ৰ-বোৱাৰীয়ে চোৱাচিতা কৰিব নোৱাৰাৰ বাবে প্ৰতিদিনে চকুলো টুকি দিন পাৰ কৰে তেওঁলোকে৷ এসময়ত তেওঁলোকে ভাবিছিল আমি বৃদ্ধ আশ্ৰমত থাকিম৷ কিন্তু পৃথিৱীৰ নানান যন্ত্ৰণা সহি গৈছিল আৰু ভাবিছিল পুত্ৰ বোৱাৰীয়ে এদিন আকোৱালি ল’ব৷
এদিন পুত্ৰ আৰু বোৱাৰীয়ে আকোৱালি লব বুলি বাট চাই থাকোতেই সময়বোৰ পাৰ হৈ গৈ থাকিল৷ কিন্তু পৰিস্থিতি সলনি নহ’ল আৰু পুত্ৰ বোৱাৰীয়ে দিয়া যন্ত্ৰণাৰ বাহিৰে তেওঁলোকক চোৱা-চিতা কৰিবলে আগবাঢ়ি নাহিল৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰা, এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰা বৃদ্ধ পিতৃ-মাতৃৰ অৱস্থা বৰ্ণানা কৰিব নোৱাৰি৷
সপোনৰ ঘৰখনত পুত্ৰ-বোৱাৰীৰ অৱহেলাৰ বলি হৈ বিছনাত দিন পাৰ কৰিব লগা হৈছে৷ শিৱসাগৰ জিলাৰ হালোৱাটিং গাঁও পঞ্চায়তৰ অন্তৰ্গত নামদাং গোঁহাই গাঁৱৰ শিক্ষক দম্পতিয়ে পিতৃ-মাতৃক কৰা অৱহেলাৰ ঘটনা সঁচাকৈ মৰ্মান্তিক৷
নামদাং গোঁহাই গাঁৱৰ প্ৰতাপ বৰগোঁহাই ৯০ বছৰীয়া বৃদ্ধ হোৱাৰ লগতে পত্নী পুতলীৰো বৃদ্ধ অৱস্থা৷ প্ৰতাপ বৰগোঁহাই আৰু পুতলী বৰগোঁহাইৰ পুত্ৰ-বোৱাৰী শিক্ষকতা কৰে৷ কিন্তু যোৱা ৮ বছৰে এটা উৰুখা পজাত এখন জৰাজীৰ্ণ বিচনাত ৰুগীয়া দেহাৰে জীৱনৰ অন্তিম সময়বোৰ পাৰ কৰিছে। তেওঁলোকক চাবলৈ কোনো নাই৷ পানী গিলাচ দিবলৈ কোনো নাই৷ তেওঁলোকৰ পুত্ৰ প্ৰদীপ বৰগোঁহাই শিৱসাগৰৰ আমগুৰিৰ ন-আলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক৷ বোৱাৰী অণু বৰগোহাঁইয়ে মগৰাহাট এম ই স্কুলৰ হিন্দী বিষয়ৰ শিক্ষয়িত্ৰী৷ শিক্ষক দম্পতিয়ে বৃদ্ধ পিতৃ-মাতৃৰ খবৰ নাৰাখে।
বৃদ্ধজনে সদায় বাট চাই পথটোলৈ, আহিব নেকি মোৰ মৰমৰ পুত্ৰ বোৱাৰী? কিন্তু বিলাসী জীৱনৰ ছত্ৰছায়াত পৰি মোহত সকলো পাহৰি যোৱা শিক্ষক পুত্ৰ-বোৱাৰীয়ে পিতৃ-মাতৃক এপাক ঘুৰি চাবলৈও নাহে৷ অকলশৰে পিতৃ-মাতৃয়ে সময়বোৰ পাৰ কৰিছে তাৰ প্রতি নাই কোনো ভ্ৰুক্ষেপ পুত্ৰৰ। একালৰ দৰিদ্ৰ সীমা ৰেখা তলৰ এতিয়াৰ ৯০ বছৰীয়া বৃদ্ধ প্ৰতাপ বৰগোঁহায়ে পুত্ৰক খেতিৰ মাটি বিক্ৰী কৰি অতি কষ্টৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছিল বুলি কয় এই প্ৰতিবেদকক৷
কেতিয়াবা ভঁৰালৰ ধান বিক্ৰী কৰি কেতিয়াবা কৃষিভূমি বন্ধকত থৈ মই পুত্ৰক পঢ়ালো। সেই পুত্ৰই এতিয়া ৰুগীয়া অৱস্থাত পিতৃ-মাতৃক ভগা পজাত থৈছে বুলি চকুলো টোকে। মানুহ থাকিব পৰা পঁজা নহয় এইটো৷ কোনো সুবিধা নাই৷ খোৱাপানীৰ ব্যৱস্থা, বিজুলিৰ ব্যৱস্থা নাই বুলি মনৰ ভাৱ প্ৰকাশ কৰে প্ৰতাপ বৰগোঁহায়ে৷
কেতিয়াবা চুবুৰীয়াই দিয়া এমুঠি আহাৰ গ্ৰহণ কৰিয়েই জীৱনৰ শেষ দিনটোলৈ অপেক্ষা কৰিছে পিতৃ-মাতৃয়ে। সম্প্ৰতি পুতলী বৰগোঁহাইয়ে দিন হাজিৰা কৰি ৰুগীয়া স্বামীক চোৱাচিতা কৰি আহিছে। বৃদ্ধাগৰাকীয়ে কাপোৰ বৈ অৰ্জা টকাৰে স্বামীৰ চিকিৎসাৰ খৰচ উলিয়াই আহিছে যদিও শিক্ষক পুত্ৰৰ পিতৃ-মাতৃক চাবলৈ সময় নাই। ইফালে, প্ৰতাপ বৰগোঁহাইৰ পুত্ৰ প্ৰদীপ বৰগোঁহাইৰ পৰা এই বিষয়ে জানিব বিচৰাত ক্ষোভৰ কাহিনীহে ব্যক্ত কৰে৷ মই পঢ়ি থকা অৱস্থাত অর্থাৎ মোৰ আই জীয়াই থকা অৱস্থাত পিতৃয়ে মাহী আইক বিয়া কৰাইছিল বুলি কয়৷ মাহীআই আহি মোৰ পঢ়া লোকচান কৰিছিল। মোৰ মানৱতা মই দেউতাক শুশ্ৰুষা কৰিম বুলি কয় যদিও যোৱা ৮টা বছৰে পিতৃক এপাক চাবলৈও অহা নাই। উল্লেখ যে, যি সময়ত ৰাজ্য চৰকাৰে প্ৰণাম আঁচনিৰ জৰিয়তে অৱহেলিত নিৰ্যাতিত পিতৃ-মাতৃক সহায় কৰাৰ ব্যৱস্থা কৰিছে তেনে সময়তে ৰাজ্যত বহু অৱহেলিত পিতৃ-মাতৃৰ প্ৰতি চৰকাৰৰ দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হোৱা দেখা নাযায়৷