
ডিফুঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফু চহৰৰ সৌন্দৰ্যবৰ্ধন আৰু যান-জোঁটৰ সমস্যা সমাধানৰ বাবে কাৰ্বি আংলং স্বায়ত্ত পৰিষদে আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷
ডিফু উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ মাটিপুং তিনি আলিহৈ ডিফু চহৰ সংযোগী একমাত্ৰ ভাইপাছ স্বৰূপ পথত নিৰ্মিত আৰচিচি দলং নিৰ্মাণৰ কাম লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ উত্থাপন হোৱাৰ পিছতে শনিবাৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰে মাটিপুং তিনি আলিহৈ ডিফু চহৰ সংযোগী একমাত্ৰ ভাইপাছ স্বৰূপ আৰচিচি দলং খনৰ কাম পৰ্যবেক্ষণ কৰে৷
মুখ্যকাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিৰ্মিয়মান দলঙ খনৰ লগতে বিভিন্ন আঁচনি ৰূপায়নত অৱহেলা কৰা পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে দলঙখন এমাহৰ ভিতৰত ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হ’ব বুলি কৈ দলঙখন নিৰ্মাণত জড়িত শ্ৰমিকৰ পৰা মৌখিক প্ৰতিশ্ৰুতি আদায় কৰে৷ দলঙখনৰ নিৰ্মাণ শীঘ্ৰে সমাপ্ত হলে চহৰ খনৰ দীৰ্ঘদিনীয়া যান-জোঁটৰ সমস্যা কিছু লাঘৱ হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে৷
আনহাতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এমজিৰোড গেলেক্সী মাৰ্কেটৰ ওচৰৰ ৰোড ডিভাইডাৰ, ডিফু নৈৰ পাৰৰ সৌন্দৰ্য, মাটিপুঙৰ নিৰ্মিয়মান উদ্যাণ আৰু ক্ৰাফ্ট চেণ্টাৰৰ কামৰ বুজ লয়৷ কাম-কাজৰ অগ্ৰগতিৰ বুজলৈ মুখ্যকাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে যিদৰে কামৰ অগ্ৰগতি হৈছে তাৰ দ্বাৰা শীঘ্ৰে আঁচনি সমূহ ৰূপায়িত হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷
ৰাইজৰ সহযোগ পালে শীঘ্ৰে এই কাম সম্পন্ন হ’ব৷ পৰিদৰ্শন কালত তুলিৰাম ৰংহাঙৰ লগত পৰিষদৰ ইএম প্ৰদীপ ডিফুছা আৰু এমএচি ৰিচাৰ্ড টকবীয়েও অংশ লয়৷ ইয়াৰ পিছত কাৰ্বি স্বায়ত্ত পৰিষদৰ নৱ নিৰ্মিত সচিবালয়ত মুখ্যকাৰ্যবাহী সদস্যগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত এক সভাত পৰিষদৰ বিভিন্ন ইএম, এমএচি, পৰিষদৰ প্ৰধান সচিব, সচিব আৰু কাৰ্যবাহী অভিযন্তাসকলক লগত লৈ পুৰণি ডিফু চহৰৰ ঠাইত স্মাৰ্ট ডিফু চহৰ নিৰ্মাণ কৰাৰ লগতে চিইএমৰ ড্ৰীম প্ৰজেক্ট ডিফু নৈৰ সৌন্দৰ্য্য বৰ্দ্ধনকে আদি কৰি কেতবোৰ বিষয়ৰ ওপৰ আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে৷