অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা ওদালগুৰি চহৰত সাংবাদিকৰ ঘৰত চুৰি

newsnextone.com | ওদালগুৰিঃ অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা ওদালগুৰি চহৰৰ মাজ মজিয়াত সাংবাদিকৰ ঘৰত চুৰি কাণ্ড সংঘটিত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যদি চহৰতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নাথাকে গ্ৰাম্য এলেকাত সুৰক্ষা ব্যৱস্থা কেনেকুৱা হ’ব পাৰে বুলি চিন্তা ব্যক্ত কৰে ৰাইজে৷

ঘৰত কোনো নথকাৰ সুযোগ লৈ নিশা দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিয়ে সোণসহ প্ৰায় তিনি লাখ টকাৰ সম্পত্তি। ওদালগুৰিৰ দুই নম্বৰ ৱাৰ্ডৰ সিজুগুৰিত দুটাকৈ বাসগৃহত চোৰে চলাই চাফাই অভিযান। ওদালগুৰি জিলাৰ ৰৌতাৰ সাংবাদিক অজয় কলিতা আৰু ভাতৃ সঞ্জয় কলিতাৰ গৃহত নিশা চোৰ সোমাই লুটি নিয়ে নগদ ধনসহ সোণৰ অলংকাৰ।

সাংবাদিকগৰাকীৰ শাহুৱেকৰ অসুস্থ থকা বাবে বিগত প্ৰায় তিনিদিন ধৰি কলিতাসহ তেওঁৰ পৰিয়ালটো শহুৰেকৰ গৃহত আছিল। ইপিনে তেওঁৰ ভাতৃৰ গৃহতো কোনো নথকাৰ সুযোগ লৈ নিশা চোৰে তলা ভাঙি গৃহত প্ৰৱেশ কৰে। কিন্তু পুৱা সাংবাদিকগৰাকীয়ে নিজৰ গৃহত উপস্থিত হৈ সমগ্ৰ চুৰি কাণ্ডৰ বিষয়ে অৱগত হৈ আৰক্ষীক যোগাযোগ কৰে।

আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈ কোনো ধৰণৰ সফলতা লাভ কৰা নাই। চুৰি কাণ্ডৰ ফলত সাংবাদিগৰাকীৰ গৃহৰ পৰা সোণসহ প্ৰায় তিনি লক্ষাধিক টকাৰ সম্পত্তি চোৰে লুটি নিয়াৰ কথা জানিবলৈ দি সাংবাদিকগৰাকীয়ে তেওঁৰ ভাতৃৰ গৃহৰ পৰাও বহু লক্ষাধিক টকা মূল্যৰ সামগ্ৰী চোৰে লুটি নিয়াৰ কথা জানিবলৈ দিয়ে।