জকাইচুকৰ পথাৰ, দোং, পুখুৰীৰ বৰালী, কাৱৈ, গৰৈ, তোৰা, বামি, পুঠিৰ বাঢ়িছে আদৰ

newsnextone.com | নগাঁওঃ ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া আদৰ বাঢ়িছে থলুৱা মাছৰ৷ থলুৱা মাছৰ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰৱৰ্তন কৰা আইনখনক উপলুঙা কৰি সময়ে সময়ে অবাধে কণীযুক্ত মাছ নিধন কৰিলেও থলুৱা মাছৰ সংখ্যা ৰাজ্যত এতিয়াও কমা নাই৷ গ্ৰাম্য অঞ্চলত বহু প্ৰজাতিৰ থলুৱা মাছ সম্প্ৰতি বিলুপ্তিৰ পথত যদিও থলুৱা ৰৌ, বৰালী, কাৱৈ, মিৰিকা, বামি, পুঠি, শিঙি, চন্দা, গৰৈ, তোৰা, মাগুৰ, কান্ধুলী, ফোপা আদি থলুৱা প্ৰজাতিৰ মাছ আজিও আছে৷

ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে যদিও বিপদৰ কালত অসমীয়াক থলুৱা মাছবোৰে অভাৱ পূৰণ কৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমূহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ যিবোৰ পুৰ্বে গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীত অগণন থলুৱা মাছ দেখা পোৱা যায়৷ নৈ, নিজৰা, পুখুৰী পানীত পোৱা মাছ কিছুদিন আগলৈ এলাগী হৈ আছিল যদিও হঠাৎ মাছৰ বজাৰত আদৰ বাঢ়িব ধৰিছে এই সমূহ থলুৱা মাছৰ আদৰ বাঢ়িব ধৰিছে৷

বহিঃৰাজ্যৰ পৰা আমদানিকৃত চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি পোৱাত ৰাজ্য চৰকাৰে অসমত দহ দিনৰ বাবে চালানী মাছৰ বিক্ৰী নিষিদ্ধ কৰাৰ ফলত সৰ্বতে অভাৱনীয় সমস্যাৰ সৃষ্টি হৈছে৷ চালানী মাছৰ বিক্ৰীত সতৰ্কতা সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে মাছৰ বিক্ৰী বন্ধ কৰাত ক্ৰেতা-বিক্ৰেতাৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগিছে৷ 

প্ৰকাশ যে, ৰাজ্যত আজিৰ দিনটোত থলুৱা মাছ চাহিদা অনুপাতে পৰ্যাপ্ত পৰিমাণে উপলব্ধ নোহোৱাত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে বৰ্হিঃৰাজ্যৰ পৰা অহা চালানী মাছে৷ সেয়ে মানুহৰ দৈনন্দিন খাদ্যৰ তালিকাত চালানী মাছে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে৷ 

কিন্তু হঠাৎ চালানী মাছৰ বিক্ৰী চৰকাৰে বন্ধ কৰি দিয়াত আমিষভোজী লোকসকলক ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অকল্পনীয়ভাবে থলুৱা মাছৰ মূল্য বৃদ্ধি ঘটাত গ্ৰাহকসকলৰ মাজত হাহাকাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে৷ পূৰ্বতে চালানী মাছ বিক্ৰী হৈ থকাৰ সময়ছোৱাত থলুৱা মাছৰ যি দৰ আছিল তাৰ তুলনাত চালানী মাছৰ বিক্ৰীৰ নিষেধাজ্ঞা আৰোপ কৰা দিনটোৰ পৰাই থলুৱা মাছৰ দাম সকলোবোৰ জিলাত দুগুণ পৰ্যন্ত বৃদ্ধি পাইছে। পূৰ্বতে 

প্ৰতিকিল’ ১২০-১৫০ টকাত বিক্ৰী হোৱা থলুৱা মাছৰ দাম এতিয়া বৃদ্ধি হৈ ২০০-৩০০ টকা পাইছেগৈ৷ যাৰ ফলত বজাৰত গ্ৰাহকৰ সংখ্যা আগৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে৷ আনকি থলুৱা মাছৰ দৰে এনেদৰে গগণচুম্বী হৈ পৰাত মাছৰ বিক্ৰেতাসকলো মাছ বিক্ৰী কৰাত বহু সমস্যাৰ মুখামুখি হ’বলগীয়াত পৰিছে৷ কাৰণ অত্যাধিক মূল্যবৃদ্ধিৰ বাবেই গ্ৰাহকে ইমান চৰা দামত মাছ ক্ৰয় কৰিবলৈ ইচ্ছা নকৰাত সৰু-সুৰা মৎস্য ব্যৱসায়ীসকল বিমূড়ত পৰিছে৷ সেয়ে থলুৱা মাছৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন মহলে৷